দেশ বুলিলে নালাগে আদেশ! দলঙসহ নিজকে উৰুৱাই দিলে ইউক্ৰেইনী সেনাই
বিশেষ বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ দেশ বুলিলে নালাগে আদেশ! চিনেমাৰ কাহিনী নহয়, এয়া যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ এজন জোৱানৰ বীৰগাথা। দেহত মাইন বান্ধি নিজকে উৰুৱাই ৰাছিয়াৰ টেংকাৰক বাধা দিলে ইউক্রেইনী সৈনিক এজনে। নাম ভিতালী স্কাকুন ভোলোডিমিৰোভিচ। ইউক্রেইনৰ নৌ সেনাৰ বেটেলিয়ান ইঞ্জিনিয়াৰ। ৰাছিয়া অধিকৃত ক্রিমিয়াৰ পৰা ইউক্রেইনৰ মূল ভূ-খণ্ডত প্রৱেশৰ পথ খেৰছন প্রদেশ হৈ যায়। সেই পথৰ ওপৰতে হেনিচেস্ক সেঁতু। ৰাছিয়াৰ সমৰসজ্জিত বাহন আৰু টেংক সেই পথেৰেই মূল ইউক্রেইনত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বাধা হৈ ঠিয় দিলে ভিতালী স্কাকুন ভলোডিমিৰোভিচ। ইউক্রেইনত প্ৰৱেশৰ বাবে যেতিয়া ৰুছ টেংকবোৰ আগুৱাই অহা দেখিলে, দেহত মাইন বান্ধি নিজকে উৰুৱাই দিলে। মুহূর্ততে চূৰমাৰ হৈ পৰিল চাৰিলেনৰ সেঁতু। ৰৈ গ’ল ৰাছিয়াৰ টেংকাৰ বাহিনী। যুদ্ধ বিধ্বস্ত ইউক্রেইনত জাতীয় বীৰৰ মর্যাদা পাইছে ভিতালী। ৰাছিয়াৰ টেংক বাহিনীক ৰুধিবলৈ নিজৰ প্রাণ দিবলৈ এক মুহূৰ্তও চিন্তা নকৰিলে।