দেশ বুলিলে নালাগে আদেশ… মাতৃভূমি উদ্ধাৰৰ বাবে উভতিছে ইউক্ৰেইনী
বিশেষ বাৰ্তা, ৩ মাৰ্চঃ এই যুঁজ মাটিৰ বাবে, এই যুঁজ নিজৰ মাতৃভূমিৰ বাবে। সংকটত মাতৃভূমি। প্রাণ গ’লেও যুঁজিবলৈ সংকল্পবদ্ধ ইউক্রেইনবাসী। যুদ্ধবিধ্বস্ত দেশখনৰ চৰকাৰী তথ্য অনুসৰি, ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ তথা হাতত অস্ত্র তুলি ল’বলৈ স্বদেশলৈ উভতিছে প্রায় ৮০ হাজাৰ প্রবাসী ইউক্রেইনী। ইউক্রেইনৰ আন্তঃদেশীয় দপ্তৰৰ পৰা জনাইছে, মাতৃভূমি ৰক্ষার্থে যুদ্ধৰ মাজতে দেশলৈ উভতিছে প্রায় ৮০ হাজাৰ প্রৱাসী ইউক্রেইনী নাগৰিক। তাৰে মাজত পুৰুষৰ সংখ্য়াই বেছি। দেশলৈ উভতি সেনাৰ বিভিন্ন বিভাগত যোগ দিছে। কিছুমানে আকৌ আন কোনো নিৰাপত্তা সংস্থাত যোগ দিছে। কিন্তু প্রত্যেকৰে উদ্দেশ্য একেটাই, ৰুছ বাহিনীৰ আগ্রাসনৰ পৰা মাতৃভূমি ৰক্ষা কৰা। পোলেণ্ডৰ সীমান্তৰক্ষীয়ে দিয়া এক হিচাপ অনুসৰি, বিগত সপ্তাহৰ বৃহস্পতিবাৰৰ পৰা এতিয়ালৈ তেওঁলোকৰ সীমান্তৰে ইউক্রেইনত প্রবেশ কৰিছে প্রায় ২২ হাজাৰ প্রবাসী।