নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপর্যয়ৰ দিশে ভাৰতৰ ষ্টার্টআপছ খণ্ড: ৮৪ ষ্টার্টআপছৰ ২৪ সহস্রাধিকে হেৰুৱালে চাকৰি

নিয়মীয়া বাৰ্তা, ১১ এপ্রিল: ভাৰতৰ উজ্জীৱিত ষ্টার্টআপছ খণ্ডতো বিপর্যয় আৰম্ভ হৈছে৷ বিশ্ব ষ্টার্টআপছ হাব হিচাপে ভাৰতক পৰিগণিত কৰাৰ লক্ষ্যৰে আগবাঢ়ি গৈ থাকোঁতেই ষ্টার্টআপছ খণ্ডত বিপর্যয় আৰম্ভ হৈছে৷ থলুৱা ষ্টার্টআপছ পৰিস্থিতি তন্ত্রত শেহতীয়াভাৱে আর্থিক দিশত সংকট নামি অহাত হেজাৰ হেজাৰজনে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ চলিত বর্ষৰ আৰম্ভণিৰে পৰাই ষ্টার্টআপছ খণ্ডত চাকৰি ছাটাই প্রক্রিয়া আৰম্ভ হৈছে৷ আজিৰ তাৰিখলৈকে ৮৪ ষ্টার্টআপছৰ ২৪ সহস্রাধিক কর্মচাৰীয়ে চাকৰি হেৰুৱাইছে৷ ষ্টার্টআপছেৰে দেশৰ অর্থনৈতিক সম্ভাৱনাক উজ্জীৱিত কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ পৰিকল্পনাই শেহতীয়াভাৱে উজুটি খোৱাৰ ফলত দেশৰ ষ্টার্টআপছসমূহে কর্মচাৰী ছাটাই প্রক্রিয়া অব্যাহত ৰাখিছে৷ তথ্য মতে ডিজিটেল হেলথ কেয়াৰ প্লেটফর্ম প্রাকটোৱে ৪১জন কর্মচাৰীক ছাটাই কৰিছে৷ ইয়াৰে অধিকাংশই অভিযন্তা৷ ডানজো, জেষ্টমানি, ফেনক্লেছ, বাইজুছ, অ’লা, অয়, মিছো, এম পি এল, উৰাণ, বেদান্ত, ইনোভেকাৰ, লিভস্পেচ আদিয়ে নিয়মীয়াভাৱে কর্মচাৰী ছাটাই চলাই আছে৷ আনাকাডেমীৰ সহপ্রতিষ্ঠাতা তথা চি ই অ’ গৌৰৱ মুঞ্জলে প্রকাশ কৰা মতে তেওঁলোকেও কর্মচাৰীৰ সংখ্যা ১২ শতাংশ হ্রাস কৰিছে৷

You might also like