ক’ভাক্স আঁচনিলৈ বৰঙণি লাগে জী–৭ৰঃ ভেকচিনৰ নাটনিক লৈ উদ্বিগ্ন ইউনিচেফ
নিয়মীয়া বাৰ্তা ১৮ মেঃ ইউনিচেফে জী–৭ গোষ্ঠীৰ সদস্য ৰাষ্ট্রসমূহক ক’ভাক্স ভেকচিন বিনিময় আঁচনিত বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছে৷ উল্লেখনীয় যে ভাৰতীয় ভেকচিন ৰপ্তানিৰ ক্ষেত্রত আহি পৰা নাটনিৰ জোৰা মাৰিবলৈ জৰুৰী ব্যৱস্থা গ্রহণ কৰাৰ বাবে জী–৭ গোষ্ঠীক তৎপৰ হ’বলৈ আহ্বান জনাইছে ৰাষ্ট্রসংঘৰ শিশু কল্যাণ সংস্থাটোৱে৷ ছিৰাম ইন্ষ্টিটিউটে প্রস্তুত কৰি থকা আষ্ট্রাজেনেকাৰ ক’ভিড ভেকচিনৰ ৰপ্তানি শেহতীয়াকৈ কমাই আনিছে ভাৰতে৷
দেশখনে মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ বাবেই এই ব্যৱস্থা গ্রহণ কৰাৰ ফলত বিশ্বৰ বিভিন্ন দেশত ভেকচিনৰ নাটনি আৰম্ভ হৈছে৷ ক’ভাক্স আঁচনিৰ অধীনত ভাৰতে বিভিন্ন দেশলৈ ভেকচিন প্রেৰণ কৰি আহিছিল যদিও পর্যাপ্ত পৰিমাণে ভেকচিন প্রস্তুত কৰাটো সম্ভৱ হোৱা নাই৷ মে’ৰ শেষ ভাগলৈ এই ভেকচিনৰ নাটনি ১৪০ নিযুত হ’ব বুলি ধাৰণা কৰা হৈছে৷
জুনৰ শেষকৈ ভেকচিনবিধৰ নাটনি ১৯০ নিযুত ড’জ হ’ব বুলি আশংকা কৰিছে ইউনিচেফে৷ গতিকে জী–৭ গোষ্ঠীৰ ৰাষ্ট্রসমূহে শীঘ্রেই এই বিষয়টোত গুৰুত্ব প্রদান কৰি ভেকচিনৰ নাটনিৰ পৰা বিশ্বৰ বিভিন্ন দেশক পৰিত্রাণ দিয়াৰ কথা চিন্তা কৰিব লাগিব বুলিও ৰাষ্ট্রসংঘৰ সংস্থাটোৱে সদৰী কৰিছে৷ স্মর্তব্য যে ভাৰততো শেহতীয়াকৈ ভেকচিনৰ নাটনি চলি আছে৷