নৈশ সান্ধ্য আইন প্রত্যাহাৰ, খুলিব জীম যোগ কেন্দ্রঃ ৩১ আগষ্টলৈ বন্ধ স্কুল–কলেজ–শিক্ষানুষ্ঠান
আনলক–৩ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ গুৰুত্বপূর্ণ নির্দেশনা
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা লকডাউনৰ পৰা আন কেতবোৰ সেৱাক ৰেহাই প্রদান কৰা হৈছে৷ বুধবাৰে আনলক–৩ ঘোষণা কৰি কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ে জাৰি কৰিছে গুৰুত্বপূর্ণ নীতি–নির্দেশনা৷ তৃতীয় পর্যায়ৰ আনলকৰ অধীনত পর্যায়ক্রমে খুলিবলৈ অনুমতি দিয়া সেৱাৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ সেই অনুসৰি মার্চ মাহৰ পৰা বন্ধ হৈ থকা জীমসমূহ খোলাৰ অনুমতি দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ অহা ৫ আগষ্টৰ পৰা দেশজুৰি যোগ প্রতিষ্ঠান আৰু জীমসমূহ খুলিব পাৰিব৷ অৱশ্যে যোগ প্রতিষ্ঠান আৰু জীম খোলাৰ ক্ষেত্রত শীঘ্রে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে প্রকাশ কৰিব ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিউৰ (এছ অ’ পি)৷ জীম খোলাৰ ক্ষেত্রত সামাজিক দূৰত্বৰ লগতে এই এছ অ’ পি কঠোৰভাৱে অনুসৰণ কৰিব লাগিব৷ ইপিনে, লকডাউনৰ সময়ছোৱাত বলৱৎ হৈ থকা সান্ধ্য আইন সম্পূর্ণৰূপে প্রত্যাহাৰ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ অৱশ্যে বিদ্যালয়, মহাবিদ্যালয় আৰু কোচিং প্রতিষ্ঠানসমূহকে ধৰি সকলো শিক্ষানুষ্ঠান অহা ৩১ আগষ্টলৈ বন্ধ থাকিব৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ কর্তৃপক্ষৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্রহণ কৰিছে৷ একেদৰে অহা ১ আগষ্টৰ পৰা বলৱৎ হ’বলগীয়া আনলক–৩ৰ সময়ত বন্দে ভাৰত অভিযানৰ অধীনত সীমিত পৰসিৰত আন্তঃৰাষ্ট্রীয় বিমান পৰিবহণৰ অনুমতি প্রদান কৰা হৈছে৷ আনহাতে, আনলক–৩ৰ সময়তো মেট্র’ ৰে’ল, চিনেমা হল, ছুইমিং পুল, মনোৰঞ্জন উদ্যান, থিয়েটাৰ হল, বাৰ, প্রেক্ষাগৃহ আদি সম্পূর্ণৰূপে বন্ধ থাকিব৷ এই সময়ছোৱাত সামাজিক, ৰাজনৈতিক, ক্রীড়া, মনোৰঞ্জনধর্মী, শৈক্ষিক, ধার্মিক সমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব৷ উক্ত সেৱাসমূহ খোলাৰ ক্ষেত্রত শীঘ্রে সমীক্ষা কৰি সিদ্ধান্ত গ্রহণ কৰিব কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ লক্ষণীয় যে অহা ৩১ আগষ্টলৈ কনটেইনমেণ্ট জ’নসমূহত লকডাউন কঠোৰভাৱে বলৱৎ হৈ থাকিব৷ অৱশ্যে কনটেইনমেণ্ট জ’নসমূহৰ সীমা ৰাজ্য চৰকাৰসমূহে সংশ্লিষ্ট নিয়ম অনুসৰি নির্ধাৰণ কৰিব পাৰিব৷ তদুপৰি কনটেইনমেণ্ট জ’নসমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগিব ৰাজ্য চৰকাৰসমূহে৷ আনহাতে, স্বাধীনতা দিৱস উদ্যাপনৰ ক্ষেত্রতো সামাজিক দূৰত্ব আৰু স্বাস্থ্য বিধিসমূহ অনুসৰণ কৰিবলৈ কঠোৰ নির্দেশ জাৰি কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ এই সন্দর্ভত যোৱা ২১ জুলাইত প্রদান কৰা নির্দেশনা অনুসৰণ কৰিব লাগিব৷ উল্লেখ্য যে কনটেইনমেণ্ট জ’নসমূহৰ বাহিৰত প্রয়োজনসাপেক্ষে নিষেধাজ্ঞা জাৰি কৰাৰ ক্ষেত্রত ৰাজ্য আৰু কেন্দ্রীয়শাসিত চৰকাৰসমূহক কর্তৃত্ব প্রদান কৰা হৈছে৷ অৱশ্যে ব্যক্তি আৰু সা–সামগ্রীৰ পৰিবহণৰ ক্ষেত্রত আন্তঃৰাজ্যিক নিষেধাজ্ঞা প্রযোজ্য নহ’ব৷ একে সময়তে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে ঘোষণা কৰা ৰাষ্ট্রীয় পর্যায়ৰ নির্দেশনাসমূহ দেশজুৰি অব্যাহত থাকিব৷ বিশেষকৈ ব্যৱসায়িক প্রতিষ্ঠান আৰু দোকানসমূহত গ্রাহকৰ মাজত সামাজিক দূৰত্ব ৰক্ষা কৰি চলিব লাগিব৷ ৬৫ বছৰ ঊর্ধ্বৰ ব্যক্তি, গর্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ শিশুক ঘৰত থকাৰ পৰামর্শ আগবঢ়াইছে গৃহ মন্ত্রালয়ে৷ ৰাজ্য চৰকাৰসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত কেন্দ্রীয় চৰকাৰে এই নতুন নির্দেশনাৱলীসমূহ নির্ধাৰণ কৰিছে৷