🔹 প্রকৃতিৰ আজব ‘আচৰণ’ক লৈ উদ্বিগ্ন পৰিৱেশ বিজ্ঞানী
বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : উত্তৰ ভাৰতত যেতিয়া প্রচণ্ড শীত প্রৱাহ আৰম্ভ হয়, তেতিয়া দক্ষিণ ভাৰতত সাধাৰণ শীতৰ প্রভাৱ পৰে৷ কিন্তু তামিলনাডুৰ নীলগিৰি পর্বতমালাত অভাৱনীয় দৃশ্য দেখিবলৈ পোৱা গৈছে৷ বিগত কেইদিনমান ধৰি নীলগিৰিত তাপমাত্রা শূন্য ডিগ্রী চলি আছে৷ এই ঘটনাক লৈ স্থানীয় লোকসকলৰ মাজত সৃষ্টি হৈছে আতংক৷ কাৰণ গ্রীষ্মৰ ৰাজ্য হিচাপে পৰিচিত তামিলনাডুত তাপমাত্রা শূন্য ডিগ্রীলৈ নমাৰ নজিৰ নাই৷ সমগ্র দিন কেৱল কুঁৱলীয়ে ঢাকি ৰাখিছে নীলগিৰিত৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রভাৱতেই এনে অভাৱনীয় জলবায়ু পৰিৱর্তন হোৱা বুলি ধাৰণা কৰিছে পৰিৱেশবিদসকলে৷ হাৰ কঁপোৱা শীতৰ লগতে তুষাৰপাতৰ বাবে এতিয়া নীলগিৰিত ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ বাদ দিছে স্থানীয় বাসিন্দাসকলে৷ লক্ষণীয়ভাৱে তুষাৰ শূন্য এতিয়া জম্মু–কাশ্মীৰৰ গুলমার্ক আৰু উত্তৰাখণ্ডৰ হাউলী৷ ইয়াৰ বিপৰীতে প্রকৃতিৰ আজব ‘আচৰণ’ত উদ্বিগ্ন হৈ পৰিছে পৰিৱেশ বিজ্ঞানীসকল৷ দেশৰ দক্ষিণ প্রান্তত সাধাৰণতে উষ্ণতাৰ মাত্রা বেছি৷ কিন্তু কোনোদিনেই শীতৰ কবলত নপৰা নীলগিৰিত ভয়াৱহ তুষাৰপাতে আশংকা বৃদ্ধি কৰিছে বিজ্ঞানীসকলৰ মাজত৷ জলবায়ু পৰিৱর্তনৰ বাবে এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰিছে বতৰ বিজ্ঞানীসকলে৷ তামিলনাডুৰ পর্যটনকেন্দ্রসমূহত অভাৱনীয় শীতৰ বাবে হ্রাস পাইছে পর্যটকৰ সংখ্যাও৷