🔹 জলবায়ু পৰিৱর্তনৰ ভয়াৱহ প্রভাৱ
নিউজ ডেস্ক, ২ মার্চ : ভয়াৱহ তুষাৰপাতত ইতিমধ্যে জম্মু–কাশ্মীৰ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ বিভিন্ন স্থানত স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈছে৷ হিমালয়ত বৰফৰ বাবে বন্ধ হৈ পৰিছে ৫০০ পথ৷ কাশ্মীৰ আৰু লাডাখৰো বিভিন্ন স্থানত হিমস্খলনৰ ফলত বন্ধ হৈ পৰিছে কেইবাটাও ৰাষ্ট্রীয় পথ৷ উত্তৰাণ্ডত হিমস্খলনৰ ঘটনাত প্রাণ হেৰুৱাবলগীয়া হৈছে ৪জন শ্রমিকে৷ অৱশ্যে এই অঞ্চলসমূহৰ তুষাৰপাত বা হিমস্খলনৰ ঘটনাক লৈ আচৰিত হ’বলগীয়া একো নাই৷ প্রতিবছৰে অনুৰূপ ঘটনাৰ সাক্ষী হৈ আহিছে এই অঞ্চলৰ বাসিন্দাসকল৷ কিন্তু ৰাজস্থানৰ দৰে মৰুৰাজ্যত ভয়াৱহ তুষাৰপাতক লৈ আশ্চর্য প্রকাশ কৰিছে বিভিন্ন মহলে৷ জলবায়ু পৰিৱর্তনৰ প্রভাৱত এইবাৰ বৰফৰ আচ্ছাদনে ঢাকি পেলালে ৰাজস্থানৰ বিস্তীর্ণ অঞ্চল৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই ছবি৷ এই নজিৰবিহীন ঘটনাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে চাঞ্চল্য৷ ৰাজস্থানত কর্মৰত এগৰাকী আইএফএছ বিষয়াই এক্স হেণ্ডেলত এনে বহু ছবি আৰু ভিডিঅ’ প’ষ্ট কৰিছে৷ পাৰভিন কাছৱান নামৰ বিষয়াগৰাকীয়ে প’ষ্ট কৰা ছবি আৰু ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে বৰফে ঢাকি পেলোৱা বিস্তীর্ণ অঞ্চল৷ ইয়াৰ উপৰি খেতিপথাৰ আৰু খেলপথাৰসমূহতো দেখিবলৈ পোৱা গৈছে শুভ্র বৰফৰ দলিচা৷ যি স্থানত মার্চ–এপ্রিল মাহত পাৰাস্তম্ভ ৪৫–৫০ ডিগ্রীলৈকে উঠে সেই স্থানত এই তুষাৰপাতৰ ঘটনাই বিভিন্ন মহলৰ চকু কপালত তুলিছে৷ এই ছবি আৰু ভিডিঅ’ৰ সৈতে কাছৱানে লিখিছে যে জলবায়ু পৰিৱর্তনৰ ভয়াৱহ প্রভাৱৰ ফলতে এনেদৰে ৰাজস্থানৰ দৰে মৰুৰাজ্যত তুষাৰপাত দেখিবলৈ পোৱা গৈছে৷ ৰাজ্যখনৰ বিভিন্ন স্থানত আৱাসিক অঞ্চলৰ পৰা বাসিন্দাসকলে বেলচাৰে বৰফ আঁতৰ কৰা দৃশ্যও দেখিবলৈ পোৱা গৈছে এই ভিডিঅ’ত৷