ধর্মান্তৰকৰণত জড়িত দুই অপৰাধীক গ্রেপ্তাৰ উত্তৰ প্রদেশত
নিয়মীয়া বাৰ্তা ২২ জুনঃ উত্তৰ প্রদেশ আৰক্ষীৰ সন্ত্রাস প্রতিৰোধী স্কোৱাড (এ টি এছ)–এ ধর্মান্তৰকৰণৰ এক অপৰাধী চক্রক উৎখাত কৰাৰ উপৰি দুজন লোকক গ্রেপ্তাৰ কৰিছে৷ গ্রেপ্তাৰ হোৱা এই লোক দুজনক মুফতি কাজী জাহাংগীৰ কাছমি আৰু মহম্মদ উমৰ গৌতম বুলি চিনাক্ত কৰা হৈছে৷ দক্ষিণ দিল্লীৰ জামিয়া নগৰৰ বাসিন্দা দুয়োজন অভিযুক্ত৷ আৰক্ষী বিষয়া প্রশান্ত কুমাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি ধর্মান্তৰকৰণৰ এই অপৰাধী চক্রটোৱে বধিৰ শিশু আৰু মহিলাক ইছলামলৈ ধর্মান্তৰিত কৰিছিল৷
অতি গোপনে সহস্রাধিক লোকক এতিয়ালৈকে ইছলামলৈ ধর্মান্তৰিত কৰিছে অপৰাধী চক্রটোৱে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি নয়দাৰ এখন বিদ্যালয়ৰ ১২টাতকৈ অধিক বধিৰ শিশুকো গোপনে ইছলামলৈ ধর্মান্তৰিত কৰিছিল এই চক্রটোৱে৷ৰাজ্যখনৰ ধর্মান্তৰকৰণবিৰো নতুন আইনৰ অধীনত অভিযুক্ত লোক দুজনৰ বিৰুদ্ধে গোমতি নগৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে৷ লক্ষণীয়ভাৱে ইছলামিক দাৱা চেণ্টাৰ নামৰ সংগঠনটোৰ অধ্যক্ষৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি এই সংগঠনটোলৈ বিভিন্ন সময়ত বিদেশৰ পৰা দান–বৰঙণি আহি আছে৷