নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশৰ আৰক্ষীৰ কার্যক লৈ চাঞ্চল্য; পৰিয়ালৰ সদস্য–মিডিয়াক বাহিৰত ৰাখি ধর্ষিতাৰ শেষকৃত্য সম্পন্ন

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ উত্তৰ প্রদেশৰ হাথৰাছত গণধর্ষণৰ বলি ১৯ বছৰীয়া দলিত সম্প্রদায়ৰ যুৱতীগৰাকীয়ে কালি দিল্লীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত পৰিয়ালৰ অনুমতি নোহোৱাকৈ যুৱতীগৰাকীৰ মৃতদেহৰ আৰক্ষীয়ে শেষকৃত্য সম্পন্ন কৰা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দেশৰ ৰাজধানী চহৰখন বিক্ষোভত উত্তপ্ত হোৱাৰ সময়তে আৰক্ষীয়ে এই সিদ্ধান্ত গ্রহণ কৰা বিষয়টোক বিভিন্ন মহলে সন্দেহৰ দৃষ্টিৰে চাইছে৷

যোৱা ১৪ ছেপ্ঢেম্বৰত মাতৃৰ সৈতে খেতিপথাৰলৈ যোৱা অৱস্থাত চাৰি দুর্বৃত্তই বলাৎকাৰ কৰিছিল যুৱতীগৰাকীক৷ দুসপ্তাহ ধৰি মুমূর্ষু অৱস্থাত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীয়ে কালি দিল্লীৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰাৰ লগে লগে বিৰোধী দলসমূহে উত্তৰ প্রদেশত যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্র প্রতিবাদ৷ হাথৰাছৰ স্থানীয় সাংবাদিক অভিষেক মাথুৰে সংবাদ সংস্থা বি বি চিক জনোৱা অনুসৰি পৰিয়াল আৰু মিডিয়াৰ লোকসকলক অন্ত্যেষ্টিক্রিয়াত উপস্থিত থকাৰ ক্ষেত্রত বাধা প্রদান কৰে আৰক্ষীয়ে৷

লক্ষণীয়ভাৱে পৰিয়ালৰ সদস্যসকলে যুৱতীগৰাকীৰ মৃতদেহ বিচাৰি বাৰে বাৰে আৰক্ষীক অনুৰোধ জনায় যদিও আৰক্ষীয়ে সেই অনুৰোধ প্রত্যাখ্যান কৰি পৰিয়ালৰ সদস্যসকলৰ ওপৰত আতিশয্য চলোৱাৰো অভিযোগ উঠিছে৷

You might also like