নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ২৪ বিষয়াৰ বিৰুদ্ধে মার্কিন নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ হংকঙৰ ৰাজনৈতিক স্বাধীনতা খর্ব কৰা বিষয়টোত বেইজিং প্রশাসনক কঠোৰ সমালোচনা কৰিছে আমেৰিকাই৷

কালি আমেৰিকাৰ বিদেশ দপ্তৰে সদৰী কৰা অনুসৰি ২৪ চীনা তথা হংকঙৰ বিষয়াৰ বিৰুদ্ধে পুনৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ উল্লেখনীয় যে বাইডেন প্রশাসনে চীনৰ সৈতে আলোচনাত মিলিত হোৱাৰ পূর্বে এই কঠোৰ সিদ্ধান্ত লোৱা বিষয়টোত উদ্বেগ প্রকাশ কৰিছে বেইজিঙে৷

হংকঙৰ স্বায়ত্তশাসন ব্যৱস্থালৈ চীনে ভাবুকি কঢ়িয়াই অনা বুলি পূর্বৰে পৰা অভিযোগ কৰি আহিছে আমেৰিকাই৷ বিশেষকৈ হংকঙৰ ৰাজনৈতিক স্বাধীনতাৰ ক্ষেত্রত চীনে কোনোধৰণৰ হস্তক্ষেপ কৰিব নালাগে বুলি দাবী কৰি আহিছে আমেৰিকাই৷

You might also like