নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ মাহত ১ কোটি উপার্জন উত্তৰ প্রদেশৰ শিক্ষকৰ

নিয়মীয়া বাৰ্তা, ৬ জুনঃ  দৰিদ্র পৰিয়ালৰ কন্যাৰ বাবে স্থাপিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ অনামিকা শুক্লা নামৰ বিজ্ঞানৰ শিক্ষক এগৰাকীয়ে ১৩ মাহত দৰমহাৰ নামত ১ কোটি টকা উপার্জন কৰা বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে৷
 কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ সমান্তৰালকৈ ২৫খন বিদ্যালয়ত কর্মৰত এইগৰাকী শিক্ষকে ফেব্রুৱাৰীলৈকে ১৩ মাহত এক কোটি টকা দৰমহা হিচাপে উপার্জন কৰিছে৷ চৰকাৰী বিদ্যালয়ৰ পৰা কিদৰে এনেদৰে দৰমহা ল’বলৈ সক্ষম হৈছে তাক লৈ এতিয়া ব্যাপক চর্চা চলিছে৷
  ইতিমধ্যে শিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে৷ তথ্যমতে, এই শিক্ষকগৰাকীয়ে আম্বেদকাৰ নগৰ, বাগপদ, আলিগড়, চাহাৰনপুৰ, প্রয়াগৰাজ আদিকে ধৰি বিভিন্ন স্থানত বালিকা বিদ্যালয়ত কর্মৰত হিচাপে দেখুৱাই দৰমহা আদায় কৰি আহিছে৷ তথ্যমতে শিক্ষকগৰাকীয়ে ৰাজ্যখনৰ ২৫ খন বালিকা বিদ্যালয়ৰ পৰা দৰমহা আদায় কৰি আছে৷
You might also like