🔹 পাহাৰীয়া পথত গোটেই নিশা বাছ যাত্ৰা : নিয়ন্ত্ৰণ হেৰুৱালে ভাগৰুৱা চালকে !
বিশেষ বাৰ্তা, ৪ নৱেম্বৰ : উত্তৰাখণ্ডৰ পাহাৰীয়া পথত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাটো ইমানেই ভয়াৱহ আছিল যে খাৱৈত পৰি যোৱা বাছখনৰ পৰা এটা এটাকৈ নিথৰ দেহ উলিয়ায় উদ্ধাৰকাৰী দলে। খবৰ অনুসৰি, শোকাৱহ ঘটনাটোত বৰ্তমানলৈ ৩৬জন যাত্ৰীৰ মৃ*ত্যু হৈছে। আন বহুকেইজন গুৰুতৰভাৱে আহত হয়। আহতসকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়াল আৰু আহতসকললৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰিছে। উল্লেখ্য যে নিশা পাহাৰীয়া পথত বাছ যাত্ৰাৰ পিছত ভাগৰুৱা চালকৰ ভুলৰ বাবেই বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা বুলি চৰ্চা চলিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়- আলমোৰা জিলাৰ বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহতসকলক উন্নত চিকিৎসাৰ বাবে এইমছ ঋষিকেশ আৰু সুশীলা তিৱাৰী হাস্পতাল হালদ্বাণীলৈ বিমানযোগে প্ৰেৰণ কৰা হৈছে। মই সাহায্য আৰু উদ্ধাৰ অভিযানৰো বুজ লৈছোঁ। জানিব পৰা মতে, গড়োৱাল মটৰ মালিক সংঘৰ এখন বাছ গড়োৱালৰ পৌৰীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বৰ কুমাওৰ ৰামনগৰলৈ গৈ আছিল ৪০জন যাত্ৰী লৈ। গোটেই নিশা যাত্ৰা কৰাৰ পিছত আলমোৰাৰ ওচৰত পুৱা প্ৰায় ৮:২৫ বজাত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাছখন ২০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰে। বহুতে সন্দেহ কৰিছে যে গোটেই ৰাতি বাছখন চলোৱাৰ পিছত চালকজন ভাগৰুৱা হৈ পৰিছিল। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ পিছতে ৰাজ্যখনৰ দুৰ্যোগ সঁহাৰি দলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰকাৰী দলে এটা এটাকৈ যাত্ৰীসকলৰ নিথৰ দেহ উদ্ধাৰ কৰে। প্ৰথম পৰ্যায়ত ২০টা মৃতদেহ উদ্ধাৰ কৰা হয়। লাহে লাহে সেই সংখ্যা ৩৬লৈ বৃদ্ধি পায়। উত্তৰাখণ্ড চৰকাৰে মৃতকৰ পৰিয়ালক ৪ লাখ টকাকৈ আৰু আহতসকলক ১ লাখ টকাকৈ সাহায্য আগবঢ়াব। ইফালে, এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।