নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত উত্তৰাখণ্ডৰ এজন চালকে ৪৭ দিন কটালে ট্রাকত

দিল্লী–হায়দৰাবাদৰ যাত্রাত আবদ্ধ হ’ল ৰাজস্থানত

নিয়মীয়া বাৰ্তা, ১৩ মে’ : উত্তৰাখণ্ডৰ এজন ট্রাকচালকে লকডাউনৰ কবলত পৰি ৪৭ দিন বাহনতে কটোৱাৰ এক ঘটনা পোহৰলৈ আহিছে ৷ সুনীল কুমাৰ নামৰ যুৱকজন দিল্লীৰ এটা পৰিবহণ কোম্পানীত যোৱা ৬ বছৰে কাম কৰি আছিল ৷ তেওঁ জানিবলৈ দিয়া মতে, লকডাউনৰ সময়ছোৱাত ৪০টা দিন আৰু ৰাতি ৰাজস্থানৰ সীমান্তত নিজৰ ট্রাকতে কটাবলগীয়া অৱস্থাৰ সৃষ্টি হয়৷ ‘মই দিল্লীৰ পৰা যোৱা ২২ মার্চত হায়দৰাবাদলৈ যাত্রা কৰিছিলোঁ ৷ যেতিয়া মই ২৩ মার্চত দিল্লী–ৰাজস্থান সীমান্তৰ শ্বাহপুৰাত উপস্থিত হ’লোঁ, তেতিয়া লকডাউনৰ বাবে তাতেই আবদ্ধ হৈ পৰিলোঁ ৷ ৰাজস্থানৰ আৰক্ষীয়ে মোক যাবলৈ নিদিলে আৰু দিল্লী আৰক্ষীয়েও ঘূৰি যোৱাৰ অনুমতি নিদিলে ৷’ সুনীল কুমাৰে কয় এইদৰে৷ এনে অৱস্থাত চালকজন নিৰুপায় হৈ পৰে আৰু ট্রাকতে লকডাউনৰ সময়খিনি কটোৱাৰ সিদ্ধান্ত লয়৷ তেওঁ আৰু কয়, ‘আমি ট্রাকৰ ভিতৰত এটা ষ্ট’ভ আৰু কেইদিনমানৰ জোখাৰে খোৱাবস্তু যোগাৰ ৰাখোঁ৷ মই ট্রাকৰ ভিতৰতে খাদ্য প্রস্তুত কৰি খাইছিলোঁ আৰু এখন গেলামালৰ দোকানৰ পৰা সংগ্রহ কৰিছিলোঁ ৷’ এই সময়ছোৱাত অত্যন্ত সংকটৰ মাজেৰে পাৰ কৰা বুলি কৈ তেওঁৰ পৰিয়াল বিশেষকৈ অন্তঃসত্ত্বা পত্নীক লৈ অত্যন্ত চিন্তিত হোৱা বুলি জনায় ৷ উল্লেখ্য যে ট্রাকচালকজন যোৱা শনিবাৰে গৃহস্থান চম্পাৱাটত ৪৭ দিনৰ মূৰত উপস্থিত হয়হি ৷ ইয়াৰ পাছতে তেওঁক প্রশাসনে ১৪ দিনৰ হোম কোৱাৰেণ্টাইনৰ নির্দেশ দিয়ে ৷

You might also like