নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ ১০৫ বছৰ বয়সত সাক্ষৰতা পৰীক্ষাত উত্তীর্ণ হৈ দেশৰ সবাতোকৈ বয়সিয়াল শিকাৰু হিচাপে স্বীকৃতি লাভ কৰা কেৰালাৰ ভাগীৰথী আম্মাৰ যোৱানিশা পৰলোকপ্রাপ্তি হয়৷ বার্ধক্যজনিত কাৰণত ১০৭ বছৰ বয়সত নিজা বাসগৃহত বিয়োগ ঘটে বুলি পৰিয়ালৰ সূত্রে প্রকাশ কৰাৰ পিছতেই ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্রীকে ধৰি বিশিষ্ট ব্যক্তিসকলে গভীৰ শোক প্রকাশ কৰিছে৷ কোলাম জিলাৰ প্রাকুলামত শতবর্ষীয় ভাগীৰথী আম্মাই মহিলা সবলীকৰণৰ কাৰণে ব্যতিক্রমী অৱদান আগবঢ়োৱাৰ স্বীকৃতি হিচাপে কেন্দ্রীয় চৰকাৰৰ দ্বাৰা সন্মানীয় নাৰী শক্তি পুৰস্কাৰ প্রদান কৰা হৈছিল৷
১০৫ বছৰ বয়সত সাক্ষৰতা পৰীক্ষাত উত্তীর্ণ হোৱা ভাগীৰথী আম্মাক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উক্ত সময়ত ভূয়সী প্রশংসা কৰিছিল৷ উল্লেখ্য যে কেৰালা ৰাজ্যিক সাক্ষৰতা অভিযানত চতুর্থ শ্রেণীৰ সমপর্যায়ৰ পৰীক্ষাত অৱতীর্ণ হৈ ভাগীৰথী আম্মাই সফলতাৰে উত্তীর্ণ হৈছিল৷ ১০৫ বছৰ বয়সত ভাগীৰথী আম্মাই বয়সিয়াল শিক্ষার্থী হিচাপে সাক্ষৰতা পৰীক্ষাত উত্তীর্ণ হৈ অভিলেখৰ গৰাকী হৈছিল৷