নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডো–আমেৰিকান ভোটাৰক আকর্ষণ মোদীৰ ভিডিঅ’ৰে নির্বাচনী প্রচাৰ ট্রাম্পৰ

নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ প্রভাৱশালী ইণ্ডো–আমেৰিকান ভোটাৰক আকর্ষণৰ লক্ষ্যৰে ৰাষ্ট্রপতি নির্বাচনৰ প্রচাৰ অভিযানত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে থকা ভিডিঅ’ মুকলি কৰিলে৷ আহমেদাবাদত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষণ আৰু মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ঐতিহাসিক ভাষণৰ ভিডিঅ’ ক্লিপছ সন্নিৱিষ্ট কৰি ৰাষ্ট্রপতি নির্বাচনৰ প্রথমটো ভিডিঅ’ কমার্চিয়েল মুকলি কৰে৷ অহা ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনত ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্পে ডেম’ক্রেটিক প্রার্থী জ’ বিডেনৰ সৈতে প্রতিদ্বন্দ্বিতাত ইতিমধ্যে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ ডেম’ক্রেটিক প্রার্থী বিডেনে ভাৰতীয় মূলৰ লোকক নির্বাচনী প্রচাৰৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ লগতে ভাৰতীয় ভাষাত প্রচাৰ অভিযান চলাই আছে৷ ডেম’ক্রেটিক প্রার্থী বিডেনক প্রত্যাহ্বান জনাবলৈ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পেও ভাৰতৰ জনপ্রিয় প্রধানমন্ত্রী মোদীৰ আশ্রয় লৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রত মোদীৰ যাদুৰ প্রতি লক্ষ্য ৰাখি ট্রাম্পে দেশখনত থকা প্রায় দুই নিযুত ইণ্ডো–আমেৰিকান ভোটাৰক লক্ষ্য কৰি লৈ মোদী আৰু ট্রাম্পৰ ভাষণ সংযুক্ত কৰি প্রচাৰ ভিডিঅ’ মুকলি কৰিছে৷ ‘ফ’ৰ মৰ ইয়ের্ছ’ শীর্ষক ১০৭ ছেকেণ্ডৰ ভিডিঅ’ ক্লিপটোত হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত মোদী আৰু ট্রাম্পৰ হাতে হাত ধৰি খোজকাঢ়ি যোৱাৰ দৃশ্যটি সন্নিৱিষ্ট কৰা হৈছে৷ তেনেদৰে ভিডিঅ’টোত আহমেদাবাদত মোদী আৰু ট্রাম্পৰ ভাষণো সন্নিৱিষ্ট কৰিছে৷

You might also like