নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিংসাত্মক প্রতিবাদত উত্তপ্ত পশ্চিমবংগ

🔹 ৱাকফ সংশোধনী বিধেয়কক লৈ মুছলিম সম্প্রদায় অধ্যুষিত অঞ্চলত বিক্ষোভ

নিউজ ডেস্ক, ১৩ এপ্রিল : কেন্দ্রীয় চৰকাৰৰ নতুনকৈ বলৱৎ হোৱা ৱাকফ সংশোধনী আইনক লৈ পশ্চিমবংগৰ মুছলিম অধ্যুষিত অঞ্চলৰ তীব্র বিক্ষোভ হৈছে৷ হিংসাত্মক প্রতিবাদী কার্যসূচীত উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন অঞ্চল৷ মালডা, মুর্ছিদাবাদ, দক্ষিণ ২৪ পৰগনা আৰু হুগলী জিলাত পৰহিৰে পৰা ৱাকফ সংশোধনী বিধেয়কক লৈ হোৱা হিংসাত্মক প্রতিবাদত আৰক্ষী আৰু প্রতিবাদকাৰীৰ মাজত সংঘাত হৈছে৷ আৰক্ষীৰ বাহনকে ধৰি কেইবাখনো বাহনত অগ্ণিসংযোগ কৰাৰ লগতে নিৰাপত্তা বাহিনীৰ ওপৰত শিল নিক্ষেপ কৰিছে প্রতিবাদকাৰীয়ে৷ মুর্ছিদাবাদত ৱাকফ আইনক লৈ প্রতিবাদৰ সময়ছোৱাতে পিতা–পুত্রৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত তীব্র উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পিতা–পুত্রসহ আন এজন লোকৰ এই প্রতিবাদৰ সময়তে মৃত্যু হোৱাৰ পিছত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কালি কলকাতা উচ্চ ন্যায়ালয়ে সংঘর্ষজড়িত অঞ্চলত কেন্দ্রীয় বাহিনী মোতায়েন কৰিবলৈ নির্দেশ দিছে৷ পৰহিৰে পৰা হোৱা হিংসাত্মক প্রতিবাদ নিয়ন্ত্রণৰ প্রতি লক্ষ্য ৰাখি উত্তপ্ত জিলাসমূহত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই ১১০জনক গ্রেপ্তাৰ কৰিছে৷ মুর্ছিদাবাদত ইণ্টাৰনেট সেৱা বাতিল কৰি দিয়া হৈছে৷ ছুলটি আৰু ছমছেৰ গঞ্জত কালি পুৱা নতুনকৈ হিংসাত্মক কার্যকলাপ সংঘটিত হোৱাত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে৷ ইপিনে ৱাকফ সংশোধনী আইনক লৈ পশ্চিমবংগ উত্তপ্ত হৈ পৰাৰ পিছতেই মুখ্যমন্ত্রী মমতা বেনার্জীয়ে সকলো শ্রেণীৰ নাগৰিকক সংযমী হ’বলৈ আহ্বান জনাইছে৷ কেন্দ্রীয় চৰকাৰৰ ৱাকফ সংশোধনী আইন পশ্চিমবংগত বলৱৎ কৰা নহ’ব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে ঘোষণা কৰি শান্তি বর্তাই ৰাখিবলৈ আহ্বান জনাইছে৷ আইনখনৰ বিৰুদ্ধে প্রতিবাদৰ সময়ত হিংসাত্মক কার্যকলাপ সংঘটিত হোৱাক লৈ উদ্বিগ্ণতা প্রকাশ কৰি কেন্দ্রই এই আইনখনৰ জৰিয়তে পশ্চিমবংগত ধর্মৰ নামত কৰা ৰাজনীতিয়ে পৰিস্থিতি জটিল কৰি তুলিছে বুলি অভিযোগ কৰে৷ এনে পৰিপ্রেক্ষিতত সকলো শ্রেণীৰ নাগৰিকক সংযমী হ’বলৈ আহ্বান জনাইছে মুখ্যমন্ত্রীগৰাকীয়ে৷

You might also like