নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বমি’য়ে সলনি কৰিলে এজন মাছমৰীয়াৰ ভাগ্য

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ : আচৰিত যেন লাগিলেও এয়াই সত্য। ভাগ্যৰ চকৰি ৰথৰ চকৰিৰ দৰে। কেতিয়া সলনি হয় কোনেও নাজানে। একালৰ দুখ আৰু একালৰ সুখৰ মাজতে জীৱন।

 

নিশাটোৰ ভিতৰতে সলনি হৈ গ’ল এজন মাছমৰীয়াৰ ভাগ্য। এটা তিমি মাছৰ বমিয়ে সলনি কৰিলে মাছমৰীয়াৰ জীৱন। যাৰবাবে একেদিনাই হৈ পৰিল কোটিপতি।

 

এই ঘটনা সংঘটিত হৈছে থাইলেণ্ডত। ডেইলি মেইলত প্ৰকাশিত এক বাতৰি মতে, নাৰিছ নামৰ এজন মাছমৰীয়াৰ পৰা তিমিমাছৰ বমি ক্ৰয় কৰিবলৈ এজন ব্যৱসায়ীয়ে দিছে ২৫ কোটি টকাৰ প্ৰস্তাৱ। উল্লেখ্য যে প্ৰথমে তিমিমাছৰ বমিখিনি শিলৰ টুকুৰা বুলি ভাবিছিল নাৰিছে।

 

মাছমৰীয়াজনে সাগৰৰ পাৰত উদ্ধাৰ কৰিছিল ‘আম্বাৰগ্ৰীছ’। প্ৰথমে তেওঁ ভাবিছিল সেয়া শিলৰ টুকুৰা। কিন্তু যেতিয়া ভালদৰে পৰীক্ষা কৰে, তেতিয়াহে এই কথা পোহৰলৈ আহে।

 

প্ৰায় ১০০ কিলোগ্ৰাম ওজনৰ ‘আম্বাৰগ্ৰীছ’ৰ টুকুৰাটো হ’ল বৰ্তমানলৈকে পোৱা আটাইতকৈ ডাঙৰ টুকুৰা। ই অতি মূল্যবান লগতে এক উত্‍কৃষ্ট মানৰ সুগন্ধিৰ উত্‍স।

 

তিমি মাছৰ বমিক বৈজ্ঞানিক ভাষাত আম্বাৰগ্ৰীছ বুলি কোৱা হয়। তিমি মাছ সাধাৰণতে উপকূলৰ পৰা বহু দূৰৰ থাকে। সেয়ে ইয়াৰ দেহৰ পৰা ওলোৱা এই পদাৰ্থ সাগৰৰ পাৰলৈ অহালৈ বহু বছৰ লাগে। যিয়েই নহওঁক কিয় এই আম্বাৰগ্ৰীছৰ বাবেই সলনি হল নাৰিছৰ জীৱন।
You might also like