সীমা বিবাদ থকালৈকে সীমান্তত চীনৰ সেনাৰ সৈতে সংঘাত থাকিবঃ জেনেৰেল নাৰাৱানে
নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ সীমা বিবাদ থকালৈকে চীন আৰু ভাৰতৰ মাজত সীমান্তত উত্তেজনা অব্যাহত থাকিব৷ অর্থাৎ দুয়ো দেশৰ মাজত সীমা বিবাদ নিষ্পত্তিৰ চুক্তি সম্পন্ন আৰু কার্যকৰী নোহোৱালৈকে সীমান্তত চীনৰ সেনাৰ সৈতে ঘটনা ঘটি থাকিব৷ –এই মন্তব্য দেশৰ সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানেৰ৷ পিএইচডি চেম্বাৰ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্রীৰ এক কার্যসূচীত সম্বোধন কৰি জেনেৰেল নাৰাৱানে চীনৰ সৈতে সীমা বিবাদক লৈ এই তাৎপর্যপূর্ণ মন্তব্য কৰে৷ দুয়ো দেশৰ মাজত বিবাদ নিষ্পত্তি নোহোৱালৈকে সীমান্তত সৰু–সুৰা ঘটনা ঘটি থাকিব৷
তালিবানে আফগানিস্থান দখল কৰি শাসনৰ গাদী নিজৰ হাতত লোৱাৰ পাছত সৃষ্ট পৰিস্থিতিক লৈ জেনেৰেল নাৰাৱানে কয় যে চুবুৰীয়া ৰাষ্ট্রৰ যিকোনো ভাবুকিক প্রতিহত কৰিবলৈ ভাৰতীয় সেনা তথা সশস্ত্র বাহিনী সষ্টম হৈ আছে৷ চীন–পাকিস্তান আৰু আফগানিস্থানৰ ভূমিকাক লৈ সজাগ হৈ থকা ভাৰতীয় সেনাই নতুন নতুন ৰণনীতি আৰু নীতি প্রস্তুত কৰি আছে বুলি উল্লেখ কৰি জেনেৰেল নাৰাৱানে কয় যে ভৱিষ্যতে দেশৰ সুৰক্ষা আৰু অখণ্ডতাৰ প্রতি আহিব পৰা সকলো প্রত্যাহ্বান মোকাবিলা কৰাৰ বাবে সশস্ত্র বাহিনীয়ে ৰণনীতি প্রস্তুত কৰি থাকিব৷