নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিদিনে এহাজাৰ কোটিকৈ উপার্জন আদানিৰ

এছিয়াৰ দ্বিতীয় ধনাঢ়্য ব্যক্তিৰ স্বীকৃতি

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ বিগত বর্ষত সর্বাধিক ধন উপার্জনকাৰী হিচাপে স্বীকৃত গৌতম আদানিয়ে আই আই এফ এল ৱেলথ হুৰুন ইণ্ডিয়া লিষ্ট ২০২১ৰ তালিকাত এছিয়াৰ দ্বিতীয় ধর্ণাঢ়্য ব্যক্তি হিচাপে স্থান লাভ কৰিছে৷ গৌতম আদানি আৰু পৰিয়ালৰ উপার্জন প্রতিদিনে ১,০০২ কোটি টকা৷ ২০২০–২১ বিত্তীয় বর্ষত গৌতম আদানি পৰিয়ালে ৫.০৬ লাখ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷ বিগত ২০১৯–২০ বর্ষত আদানি পৰিয়ালে উপার্জন কৰিছে ১.৪ লাখ কোটি টকা৷

ক’ভিড–১৯ কালছোৱাত প্রতিদিনে ১,০০২ কোটি টকাকৈ উপার্জন কৰিবলৈ সক্ষম হোৱা আদানিৰ পৰিয়াল দেশৰ দ্বিতীয় ধনাঢ়্য৷ আনকি এছিয়াৰ দ্বিতীয় ধনাঢ়্য ব্যক্তি ঝং চাংচানক স্থানচ্যুত কৰিবলৈ সক্ষম হৈছে গৌতম আদানি৷ প্রথমবাৰৰ বাবে হুৰুনৰ তালিকাত গৌতম আদানি আৰু ডুবাইস্থিত তেওঁৰ ভাতৃ বিনোদ শান্তিলাল আদানিয়ে স্থান লাভ কৰিছে৷ গৌতম আদানিয়ে পূর্বৰ চতুর্থ স্থানৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে বিনোদ আদানিয়ে ১২সংখ্যক স্থানৰ পৰা অষ্টম স্থানলৈ উন্নীত হৈছে৷

উল্লেখ্য যে ভাৰতৰ ধনাঢ়্য ব্যক্তিৰ তালিকাত শীর্ষ স্থানত থকা মুকেশ আম্বানিয়ে উক্ত সময়ছোৱাত প্রতিদিনে ১৬৯ কোটি টকা উপার্জন কৰিছে৷ ইয়াকে লৈ তেওঁৰ সম্পত্তি ৯ শতাংশ বৃদ্ধি হৈ ৭,১৮,০০০ কোটি টকা হৈছে৷ ইপিনে, বিগত ১০ বছৰত ভাৰতত বিলিয়নাৰৰ সংখ্যা ১০ শতাংশ বৃদ্ধি পাইছে৷ অর্থাৎ ১,০০০ কোটিতকৈ অধিক সম্পত্তি থকা লোকৰ সংখ্যা ১১৯খন চহৰত ১,০০৭জনলৈ বৃদ্ধি পাইছে৷ ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড প্রস্তুত কৰোঁতা চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ স্বত্বাধিকাৰী চাইৰাছ পুনাৱালাই প্রতিদিনে ১৯০ কোটি কৰি উপার্জন কৰাত তেওঁৰ পৰিয়ালৰ সম্পত্তি ৭৪ শতাংশ বৃদ্ধি পায়৷ মুঠ সম্পত্তিৰ পৰিমাণ ১,৬৩,৭০০ কোটি টকা৷ মন কৰিবলগীয়া যে এইবাৰ তালিকাত দেশৰ যুৱ বিলিয়নাৰ হিচাপে ২৩ বছৰীয়া শাশ্বত নাক্রানীয়ে স্থান লাভ কৰিছে৷

You might also like