জেলেনস্কিৰ দিন শেষ, ক্ৰেমলিনে ঘোষণা কৰিব ইউক্ৰেইনৰ নতুন ৰাষ্ট্ৰপতি
বিশেষ বাৰ্তা, ৩ মাৰ্চঃ ইউক্রেইনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভিক্টৰ য়ানুকোভিচক দেশখনৰ নতুন ৰাষ্ট্রপতি ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে ভ্লাডিমিৰ পুটিনে। ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধ চলি থকাৰ সময়তে এক তথ্যত এই কথা সদৰি হৈছে। তেওঁ ২০১৪ চনত মস্কোলৈ পলাই গৈছিল। তথ্যত কোৱা হৈছে পুটিনে ইউক্রেইনৰ ৰাষ্ট্ৰপতি হিচাপে য়ানুকোভিচক পুনৰ বাহাল কৰিব বিচাৰিছে। ভিক্টৰ য়ানুকোভিচ মিনস্কত আছে বুলি ধাৰণা কৰা হৈছে।
ইউৰোমাইদান বিপ্লৱৰ সময়ত বহিষ্কৃত প্রাক্তন ৰাষ্ট্রপতি য়ানুকোভিচক জেলেনস্কিৰ ঠাইত বহুৱাবলৈ এটি অভিযানৰ প্রস্তুতি কৰিছে ক্ৰেমলিনে। আনপিনে, ক্রেমলিনে তেওঁক তাৰে পৰাই ইউক্রেইনৰ নতুন ৰাষ্ট্রপতি বুলি ঘোষণা কৰাৰ চেষ্টা কৰিব পাৰে। ভিক্টৰ য়ানুকোভিচ ২০০২চনৰ ২১ নৱেম্বৰৰ পৰা ২০০৪চনৰ ৭ ডিচেম্বৰলৈ, আৰু ২০০৪চনৰ ২৮ ডিচেম্বৰৰ পৰা ২০০৫চনৰ ৫ জানুৱাৰীলৈ ৰাষ্ট্রপতি লিঅ’নিড কুচমাৰ অধীনত ইউক্রেইনৰ প্রধানমন্ত্রী আছিল। তেওঁ ২০১০চনৰ পৰা ইউক্রেইনৰ চতুর্থ ৰাষ্ট্রপতি হিচাপে দায়িত্ব পালন কৰিছে। ২০১৪ চনত ইউক্রেইনীয় বিপ্লৱৰ পাছত তেওঁক অপসাৰণ কৰা হয়।