নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ কোটি টকা নিদিয়া বাবে স্বামীক হ*ত্যা পত্নীৰ

🔹 ৮০০ কিঃমিঃ দূৰৈত পেলালে দেহ

নিউজ ডেস্ক, ২৮ অক্টোবৰ : স্বামীক ৮ কোটি টকা দাবী কৰিছিল পত্নীয়ে৷ এই টকা নিদিয়া বাবেই প্রেমিকৰ সৈতে মিলি ব্যৱসায়ী স্বামীক হত্যা কৰি পত্নীয়ে ৮০০ কিলোমিটাৰ দূৰৈত পেলাই দিলে মৃতদেহ৷ প্রায় এমাহ পিছত চিচি টিভি ফুটেজৰ সূত্র ধৰি এই শিহৰণকাৰী হত্যাৰ ঘটনাক পোহৰলৈ আনিবলৈ সক্ষম হৈছে আৰক্ষী৷ ভয়ংকৰ এই হত্যাৰ ঘটনাই হাৰ মনাব যিকোনো ক্রাইম থ্রিলাৰ মুভিক৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, তিনি সপ্তাহ পূর্বে ৮ অক্টোবৰত কর্ণাটকৰ কোডাগু জিলাৰ ছুন্তিকোপ্পাত অর্ধদগ্ধ এজন ব্যক্তিৰ দেহ উদ্ধাৰ হয়৷ কিন্তু এই মৃত ব্যক্তিগৰাকীৰ পৰিচয় জানিব পৰা নাছিল আৰক্ষীয়ে৷ তদন্তত নামি অঞ্চলটোৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰে আৰক্ষীয়ে৷ তাত এখন মার্চিডিজ গাড়ী নজৰত পৰে আৰক্ষীৰ৷ জনা যায়, গাড়ীখন তেলেংগানাৰ ৰমেশ নামৰ ৫৪ বছৰীয়া এজন ব্যক্তিৰ৷ সেই সূত্র ধৰি আৰক্ষীয়ে জানিব পাৰে যে ৰমেশৰ নামত থানাত সন্ধানহীন হোৱা বুলি অভিযোগ দাখিল কৰিছে তেওঁৰ পত্নী ২৯ বছৰ বয়সীয়া নীহাৰিকাই৷ নীহাৰিকাক জেৰা কৰাৰ পিছতে সন্দেহ হয় আৰক্ষীৰ৷ ইয়াৰ পিছত ধাৰাবাহিক জেৰাৰ মুখত পৰি নীহাৰিকাই স্বীকাৰ কৰে যে প্রেমিক নিখিল আৰু তেওঁৰ বন্ধু অংকুৰৰ সহায়ত স্বামীক হত্যা কৰা হৈছে৷ উল্লেখনীয় যে ১৬ বছৰ বয়সতে নীহাৰিকাৰ পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে অন্য পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ নীহাৰিকায়ো কম বয়সতে বিবাহপাশত আবদ্ধ হয় যদিও প্রতাৰণাৰ গোচৰত কাৰাবাস খাটিবলগীয়া হয়৷ পিছত ব্যৱসায়ী ৰমেশৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল নীহাৰিকা৷

You might also like