নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তীব্ৰ ৰ’দ, অসুস্থ বৃদ্ধাক পিঠিত তুলি মৰুভূমিৰ গৰম বালিত পাঁচ কিলোমিটাৰ খোজকাঢ়িলে আৰক্ষীয়ে

বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ তীব্র তাপদাহ। গুজৰাটৰ কচ্ছৰ ৰাণত প্ৰচণ্ড গৰমত ৰক্ষা নোপোৱা অৱস্থা। তাৰ মাজতেই এগৰাকী অশীতিপৰ বৃদ্ধাৰ প্রাণ বচালে মহিলা আৰক্ষী কনিষ্টবলে। কিছুদিন আগৰ ঘটনাটোক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে। সুদূৰ বিস্তৃত মৰুভূমিত গৰমত ক্লান্ত হৈ পৰিছিল এগৰাকী বৃদ্ধা। তেওঁৰ আৰু খোজ দিয়াৰ শক্তি নাছিল। ৮৬ বছৰ বয়সীয়া সেই বৃদ্ধাই ৰ’দত আৰু কিছুক্ষণ থাকিলে অঘটন ঘটা প্ৰায় নিশ্চিত আছিল। বৃদ্ধাক তেনে অৱস্থাত দেখি নিজৰ কর্তব্য স্থিৰ কৰে আৰক্ষী কনিষ্টবল বর্ষা পৰমৰ। কাৰো কোনো আদেশৰ অপেক্ষা নকৰি তেওঁ নিজৰ পিঠিত তুলি ল’লে সেই বৃদ্ধাক। জীর্ণ শৰীৰটাক বর্ষাই লৈ গ’ল দীর্ঘ পাঁচ কিলোমিটাৰ। গৰমত তেওঁ প্ৰায় অজ্ঞান হৈ পৰিছিল বৃদ্ধাগৰাকী। ২৭ বছৰীয়া আৰক্ষী কনিষ্টবল বর্ষাই অনায়াসে তেওঁক লৈ যায় নিৰাপদ স্থানলৈ। জনা মতে সেইদিনাই বর্ষাৰ ডিউটিত প্রথম দিন আছিল।

You might also like