নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুৰ মন্দিৰৰ ৰথযাত্ৰাত শোকাবহ ঘটনা, মৃত্যু ১১ জনৰ

বিশেষ বাৰ্তা, ২৭ এপ্ৰিলঃ মন্দিৰৰ ৰথযাত্রাৰ সময়তে ঘটিল শোকাবহ ঘটনাটো। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল ১১ জন লোকৰ। তেওঁলোকৰ মাজত দুটি শিশুও আছে। এই ঘটনা তামিলনাডুৰ থানজাভুৰ জিলাৰ কালিমেদুৰ। তাৰেই আপ্পাৰ মন্দিৰত ৰথযাত্রাৰ অনুষ্ঠান চলি আছিল। ৰথখন বিদ্যুতৰ উচ্চ ক্ষমতাসম্পন্ন তাঁৰত লগাত তাত লগে লগে মৃত্যু হয় উপস্থিত ১১ জনৰ। আনহাতে আহত হৈছে আন তিনিজন লোক। তেওঁলোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে।

You might also like