নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ ৰাজনীতিত পৰিৱৰ্তন, মন্ত্ৰী পৰিষদত মহিলাৰ দপদপনি

বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ পৰিৱৰ্তনৰ বতাহ বলিছে পাকিস্তানৰ ৰাজনীতিত। ইমৰান খান ক্ষমতাচ্যুত হোৱাৰ পিছত দেশখনৰ নতুন প্ৰধানমন্ত্ৰী শ্বেহৱাজ শ্বৰীফে মন্ত্ৰী পৰিষদত স্থান দিছে ৫ গৰাকীকৈ মহিলাক। ৩৭জনীয়া নতুন মন্ত্ৰী পৰিষদত পাঁচ মহিলাই স্থান লাভ কৰাৰ পিচত প্ৰশাসনিক স্তৰত বৃহত পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পীৰ্বৰ ইমৰান খানৰ মন্ত্ৰী পৰিষদ আছিল পুৰুষ প্ৰধান্য। নতুন পৰিষদত স্থান লাভ কৰা মহিলাসকল হৈছে হিনা ৰাব্বানী খাৰ, মাৰিয়ম ঔৰংজেৱ, ছাজিয়া মাৰি, শ্বেৰী ৰহমান আৰু আয়েছা গাউছ পাছা।

You might also like