নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় অন্তর্বাস আঁৰি থোৱা হয় ইয়াত, চাওঁ আহক

বিশেষ বাৰ্তা,১ মাৰ্চঃ কেতিয়াবা শুনিছেনে মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ গ’লে অন্তর্বাস ওলোমাই থৈ আহিব লাগে? অবিশ্বাস্য হ’লেও মনোবাঞ্ছা পূৰণৰ বাবে হাজাৰ মহিলাই ঢপলিয়াই যায় সেই ঠাইলৈ। তাত নিজৰ অন্তর্বাস আঁৰি মনোকামনা কৰে। এয়া প্রচলিত বিশ্বাস। ইয়াৰ অন্তৰালত সঠিক কি কাৰণ আছে সেয়া আজিও ৰহস্য। ঠাইখনৰ নাম কৰডোনা। এই বিচিত্র কাৰণৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ উঠিছে নিউজিলেণ্ডৰ এই ঠাইখন। কোনো পর্যটনস্থলী নহয়। কৰডোনা ভেলী ৰোডৰ সেই ঠাইখনৰ কাষত তাঁৰৰ বেৰ আছে। তাত গ’লেই দেখা পোৱা যায় মহিলাৰ হাজাৰ হাজাৰ অন্তর্বাস ওলমি থকা। সেই কাৰণেই সেই বেৰখন ‘ব্রা ফেন্স’ নামেৰে পৰিচিত। আনকি স্থানীয় লোকৰ মুখত ঠাইখনৰ নামেই হৈ গৈছে ‘ব্রাডোনা’। প্রচলিত বিশ্বাস, ইয়াত অন্তর্বাস আঁৰিলে মনোবাঞ্ছা পূৰ্ণ হয়। ১৯৯৯ চনত প্রথমে এই বিষয়টো পোহৰলৈ আহিছিল।

You might also like