নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন আতিশয্যত মহিলাৰ অভিযোগ ‘ধ্রুৱ সত্য’ নহয়

🔹 কেৰালা হাইক’ৰ্টৰ ৰায়

নিউজ ডেস্ক, ২ মার্চ : কোনো মহিলাই যৌন আতিশয্যৰ অভিযোগ আনিলে তাক ‘ধ্রুৱ সত্য’ বুলি মানি লোৱাৰ কোনো কাৰণ নাই৷ এক অপৰাধ আৰু যৌন আতিশয্যৰ গোচৰত আৰক্ষীক সতর্ক কৰিলে কেৰালা উচ্চ ন্যায়ালয়ে৷ আদালতৰ তৰফৰ পৰা এই পর্যবেক্ষণো আগবঢ়োৱা হৈছে যে বর্তমান সময়ত নির্দোষ ব্যক্তিসকলক এই সম্পর্কীয় গোচৰত জড়িত কৰাৰ প্রৱণতা বৃদ্ধি পাইছে৷ গতিকে উভয়পক্ষৰ বক্তব্যক গুৰুত্বসহকাৰে লৈ তদন্ত চলোৱা প্রয়োজন বুলি মন্তব্য কৰিছে ন্যায়ালয়ৰ ন্যায়াধীশ পি ভি কুনহিকৃষ্ণনে৷ এগৰাকী ৫৭ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে তেওঁৰ কার্যালয়ত কাম কৰা মহিলা এগৰাকীয়ে অনা অভিযোগৰ গোচৰত এই মন্তব্য আগবঢ়ায় আদালতে৷

You might also like