বিশ্বৰ মুঠ বাঘৰ ৭০ শতাংশই আছে ভাৰতত
নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ আন্তর্জাতিক বাঘ দিৱসৰ প্রাকমুহূর্তত বিশ্বৰ মুঠ বাঘৰ ৭০ শতাংশই ভাৰতত আছে বুলি মন্তব্য কৰিছে কেন্দ্রীয় বনমন্ত্রী প্রকাশ জাভাৰকাৰে৷ চতুর্থ অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচন–২০১৮ৰ প্রতিবেদনত বিতং তথ্য মুকলি কৰি কেন্দ্রীয় বনমন্ত্রী গৰাকীয়ে কয় ভাৰতত থকা বাঘৰ সংখ্যা বিশ্বৰ মুঠ বাঘৰ সংখ্যাৰ ৭০ শতাংশ৷ ভাৰতত ২,৯৬৭টা বাঘ থকাৰ বিপৰীতে বিশ্বখ্যাত অসমৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ১০৪টা বাঘ আছে৷ প্রতিবেদন প্রকাশ কৰি মন্ত্রীগৰাকীয়ে কয় যে ১৯৭৩ চনত ভাৰতত মাত্র ৯খন বাঘ ৰিজার্ভ আছিল৷ কিন্তু এতিয়া ইয়াৰ সংখ্যা বাঢ়ি গৈ ৫০ হৈছে৷ পৃথিৱীৰ মুঠ ভূমিৰ মাত্র ২.৫ শতাংশ ভাৰতৰ যদিও দেশখনৰ জৈৱ বৈচিত্র্য প্রায় ৮ শতাংশ৷ ভাৰতক বাদে বিশ্বৰ মাত্র ১৩খন দেশত বাঘ পোৱা যায়৷ বাঘৰ উপৰি দেশত প্রায় ৩০ হাজাৰ হাতী আৰু ৫০০ সিংহ আছে৷ উল্লেখ্য যে বিগত বর্ষত আন্তর্জাতিক বাঘ দিৱসৰ সময়ত প্রধানমন্ত্রী মোদীয়ে ভাৰতত বাঘৰ সংখ্যা দুগুণ হোৱা বুলি প্রকাশ কৰিছিল৷