🔹 যৌতুক বিচাৰি শাৰীৰিক-মানসিক অত্যাচাৰ
নিউজ ডেস্ক, ১ মাৰ্চ : স্বামী দীপক হুদাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে অর্জুন বঁটা বিজয়ী তথা প্রাক্তন বিশ্ব চেম্পিয়ন বক্সাৰ ছুইটী বৰাই৷ অর্জুন বঁটাৰ লগতে এছিয়াডত ব্রঞ্জৰ পদক লাভ কৰা তাৰকা কাবাদী খেলুৱৈ দীপক হুদা আৰু তেওঁৰ পৰিয়ালে যৌতুকৰ বাবে শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱাৰ অভিযোগ তুলিছে ছুইটী বৰাই৷ ২০২২ চনত বিবাহপাশত আবদ্ধ হৈছিল দুয়ো৷ হাৰিয়ানাৰ হিছাৰস্থিত মহিলা আৰক্ষী থানাৰ এছএইচঅ’ সীমাই কয় যে ছুইটী বৰাৰ অভিযোগৰ ভিত্তিত ২৫ ফেব্রুৱাৰীত এফআইআৰ দাখিল কৰা হৈছে৷ এজাহাৰত স্বামী দীপক হুদাৰ নাম উল্লেখ আছে৷ বৃহস্পতিবাৰে তেওঁ এই তথ্য নিশ্চিত কৰে৷ ঘটনাটো সন্দর্ভত দীপক হুদালৈ দুই–তিনিবাৰ জাননী পঠিওৱা হৈছে যদিও তেওঁ থানাত হাজিৰ হোৱা নাহ৷ দীপক হুদাই তেওঁৰ অনুপস্থিতিৰ কাৰণ হিচাপে স্বাস্থ্যজনিত সমস্যাৰ কথা উল্লেখ কৰে৷ মহিলা থানাৰ এছ এইচ অ’ই জানিবলৈ দিয়া মতে, ছুইটী বৰাৰ এজাহাৰত যৌতুকৰ বাবে অত্যাচাৰ আৰু শাৰীৰিক নির্যাতন চলোৱাৰ কথা উল্লেখ আছে৷ তেওঁ লগতে কয় যে এখন বিলাসী গাড়ীৰ দাবী কৰা হৈছিল, যিটোও পূৰণ হৈছে৷ কিন্তু তেতিয়াও তেওঁৰ স্বামীয়ে মাৰপিট কৰি আৰু ১ কোটি টকা দাবী কৰিছিল৷ এই অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৮৫নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ দীপক হুদাই ২০১৬ চনৰ দক্ষিণ এছিয়ান গেমছত ভাৰতীয় কাবাদী দলৰ সৈতে স্বর্ণ পদক আৰু ২০১৪ এছিয়ান গেমছত ব্রঞ্জৰ পদক লাভ কৰিছিল৷ ইপিনে, ২০২৩ চনত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছুইটী বৰাই স্বর্ণ পদক জয় কৰিছিল৷ ২০২৫ চনত ছুইটী আৰু ২০২০ চনত দীপক হুদাই অর্জুন বঁটা লাভ কৰিছিল৷