বিশ্ব উৰণৰ যাত্রা বেলজিয়ামৰ যুৱতীৰ
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ সমগ্র বিশ্ব ভ্রমণ অকলেই কৰাৰ উদ্দেশ্যেই বিমানৰ উৰণ আৰম্ভ কৰিছে ১৯ বছৰীয়া জাৰা ৰাডাৰফ’ৰ্ড নামৰ যুৱতীগৰাকীয়ে৷ বেলজিয়ামৰ ক’টৰিটজৰ পৰা তিনি মাহৰ বাবে এই দুঃসাহসিক উৰণ আৰম্ভ কৰিছে যুৱতীগৰাকীয়ে৷ বুধবাৰে বেলজিয়ামৰ পৰা উৰণ আৰম্ভ কৰি হেম্পশ্বায়াৰৰ পোফাম এয়াৰ ফিল্ডত প্রথমবাৰৰ বাবে বিমানখন অৱতৰণ কৰে জাৰাই৷
উইনচেষ্টাৰৰ ছেইণ্ট ছুইথুনছ স্কুলৰ প্রাক্তন শিক্ষার্থী জাৰাৰ লক্ষ্য হৈছে ৫২খন দেশৰ ওপৰেৰে উৰণ সম্পন্ন কৰা৷ লক্ষণীয়ভাৱে ২০১৭ চনত আমেৰিকান ছিষ্টা ৱাইজ নামৰ ৩০ বছৰীয়া মহিলাগৰাকীয়ে অকলেই বিশ্ব উৰণৰ অভিলেখ গঢ়িছিল৷ পুৰুষৰ ক্ষেত্রত ১৮ বছৰ বয়সত এজন পাইলটে বিশ্ব উৰণৰ অভিলেখ গঢ়ি থৈছে৷ ৪ নৱেম্বৰত বেলজিয়ামলৈ উভতি আহিব জাৰা ৰাডাৰফ’ড৷ লক্ষণীয়ভাৱে ৰাছিয়া আৰু গ্রীনলেণ্ডৰ অতি দুর্গম অঞ্চলৰ আকাশেৰেও উৰণ চলাব ৰাডাৰফ’র্ডে।