নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ক’ত বিশ্বৰ সৰ্ববৃহৎ ইগলু কেফেখন

বিশেষ বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ বিশ্বৰ সৰ্ববৃহৎ ইগলু কেফেখন ক’ত আছে জানেনে? সেয়া জানিলে আপোনাৰ মনটোও তালৈ উৰা মাৰিব। কেতিয়া যাব পাৰি সেই ভাৱেই মনলৈ আহিব। কিয়নো, এই কেফেখন ভাৰততে মুকলি হৈছে। জম্মু-কাশ্মীৰৰ গুলমাৰ্গৰ স্কী-ৰিজৰ্টত বৰফৰ ঘৰত কেফেখন মুকলি কৰা হৈছে। বৰ্তমানে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠা এই কেপেখনৰ উচ্চতা ৩৭.৫ ফুট আৰু ব্য়াসাৰ্ধ ৪৪.৫ ফুট বুলি জনাই প্ৰতিষ্ঠাপক ছৈয়দ ৱাছিম শ্বাহে এইখনে বিশ্বৰ সৰ্ববৃহৎ ইগলু কেফে বুলি দাবী কৰিছে।

এই কেপেখনৰ ভিতৰত ১০খন টেবুল ৰাখিছে আৰু একে সময়তে ৪০ অতিথিয়ে বহি খাব পৰাৰ ব্যৱস্থা কৰিছে। তেওঁ জনাই যে, ছুইজাৰলেণ্ডত তেওঁ এনে কেফে দেখিছিল আৰু সেই চিন্তাৰে এইখন প্ৰতিষ্ঠা কৰিছে। ইয়াৰ আগতে বিগত বৰ্ষত তেওঁ এছিয়াৰ সৰ্ববৃহৎ ইগলু কেফেখন বনাইছিল বুলি জনায়। গিনিজ বিশ্ব বুকত বিশ্বৰ সৰ্ববৃহং ইগলু কেফেখন ছুইজাৰলেণ্ডৰ বুলি উল্লেখ আছে। সেইখন ৩৩.৮ ফুট উচ্চ আৰু ব্যাসাৰ্ধ ৪২.৪ ফুট।

You might also like