প্ৰেমত হাবুডুবু খাইছে বিশ্বৰ ধনাঢ্য ব্যক্তি এলোন মাস্ক
বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ ফেব্ৰুৱাৰী মানেই প্ৰেমৰ মাহ। এই সময়ত মন ইচাট-বিচাট কৰা নতুন কথা নহয়। প্ৰেমত হাবুডুবু খাইছে টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যৱাহী বিষয়া এলোন মাস্কো। বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি এলোন মাস্কৰ ২৭ বছৰীয়া অষ্ট্ৰেলীয়ান অভিনেত্ৰী এগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক চলি থকা বুলি জানিব পৰা গৈছে। ডেইলী মেইলত প্ৰকাশিত খবৰ অনুসৰি অভিনেত্ৰী নতাশা বেছেট আৰু মাস্কৰ প্ৰেম খুবেই গভীৰ হৈছে। অভিনেত্ৰীগৰাকীয়ে খোদ এই কথা জনাই কৈছে যে তেওঁ ৫০ বছৰীয়া মাস্কৰ মগজুৰ প্ৰেমত পৰিছে, বেংক বেলেঞ্চৰ নহয়। অলপতে বেছেটক মাস্কৰ ব্যক্তিগত জেটৰ পৰা নমা দেখা গৈছিল লছ এঞ্জেলছত। উল্লেখনীয় যে, ২৩৩ বিলিয়ন ডলাৰৰ সম্পত্তিৰ গৰাকী মাস্কৰ এটি এবছৰীয়া সন্তান আছে। যোৱা ছেপ্টেম্বৰত গায়িকা পত্নী গ্ৰীমছৰ সৈতে বিবাহ বিচ্ছেদ ঘটে মাস্কৰ।