নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিআইৰ গোচৰত নাম আছিল যশৱন্ত বার্মাৰ

🔹 দিল্লী হাইক’ৰ্টৰ ন্যায়াধীশৰ গৃহত নগদ ধন উদ্ধাৰৰ নতুন মোৰ

নিউজ ডেস্ক, ২৩ মার্চ : দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বার্মাৰ বাসগৃহত অগ্নিকাণ্ডত উদ্ধাৰ নগদ ধনৰ ৰহস্য ক্রমান্বয়ে অধিক ঘনীভূত হৈ পৰিছে৷ বাসগৃহত নগদ ধন উদ্ধাৰ হোৱাৰ পিছত এই ঘটনাই নতুন মোৰ লৈছে৷ ন্যায়িক ব্যৱস্থাক কলংকিত কৰা ন্যায়াধীশ বার্মাৰ নাম চিবিআইৰ গোচৰত সন্নিৱিষ্ট হৈ থকাৰ এক তথ্য পোহৰলৈ আহিছে৷ তথ্য মতে, ২০১৮ চনৰ এটা গোচৰত চিবিআয়ে যশৱন্ত বার্মাৰ নাম উল্লেখ কৰিছিল৷ চিলিকন নামৰ সংস্থা এটাৰ ঋণ কেলেংকাৰিত চিবিআইৰ গোচৰত সংস্থাটোৰ অন্যতম সদস্য হিচাপে বার্মাৰ নামো সাঙোৰ খাই পৰিছিল৷ ঋণ প্রতাৰণাৰ গোচৰত জড়িত হৈ থকা বার্মাৰ বিৰুদ্ধে কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআয়ে গোচৰ ৰুজু কৰিছিল বুলিও তথ্যত প্রকাশ পাইছিল৷ তথ্য মতে, ২০১২ চনত অৰিয়েণ্টেল বেংক অৱ কমার্চিয়েলে ৫৭৬২জন কৃষকক ১৪৯.৫৯ কোটি টকা ঋণ দিছিল৷ সাৰ আৰু বীজ ক্রয় কৰাৰ বাবে এই ঋণ দিয়া হৈছিল৷ ঋণৰ চুক্তি অনুসৰি তৃতীয় পার্টী আছিল চিলিকন৷ চর্ত অনুযায়ী ঋণ পৰিশোধ কৰাৰ কথা আছিল চিলিকনৰ৷ ২০১৫ চনৰ মার্চত বেংকৰ তৰফৰ পৰা প্রকাশ কৰা হয় যে বেংকক প্রতাৰণা কৰা হৈছে৷ এই ঋণ ভুৱা আছিল আৰু তাৰে ৯৭.৮৫ কোটি টকা ভুৱা কেৱাইচি প্রদান কৰি চিলিকন কর্তৃপক্ষই ধন আদায় কৰিছিল৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰি ২০২৪ চনত চিলিকনৰ বেংক প্রতাৰণাৰ এই গোচৰটো চিবিআয়ে পুনৰ আৰম্ভ কৰে৷ কিন্তু উচ্চ ন্যায়ালয়ৰ ৰায়ত স্থগিতাদেশ দিয়ে উচ্চতম ন্যায়ালয়ে৷ এই চিলিকনৰ উপ–সঞ্চালক আছিল পঞ্জাবৰ প্রাক্তন মুখ্যমন্ত্রী অমৰিন্দৰ সিঙৰ জোঁৱাই গুৰপাল সিং৷

You might also like