য়েছ বেংকৰ প্রাক্তন মুৰব্বী কাপুৰৰ লণ্ডনৰ বাসগৃহ বাজেয়াপ্ত
নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ অবৈধ ধনৰ লেনদেনৰ গোচৰৰ তদন্ত চলাই থকা এনফ’চমেণ্ট সঞ্চালকালয় (ইডি)–এ য়েছ বেংকৰ প্রাক্তন অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰাণা কাপুৰৰ লণ্ডনস্থিত ১৩৭ কোটি টকা মূল্যৰ এটা আৱাসিক প্রাসাদ বাজেয়াপ্ত কৰিছে৷ ২০১৭ চনত এই প্রাসাদটো ৯৩ কোটি টকাৰে ক্রয় কৰিছিল ৰাণা কাপুৰে৷ ড’ইট ক্রিয়েছনছ জার্চী লিমিটেডৰ নামত এই প্রাসাদটো ক্রয় কৰিছিল য়েছ বেংকৰ প্রাক্তন চিএমডিগৰাকীয়ে৷ ইডিৰ হাতত পৰা তথ্য অনুসৰি ৰাণা কাপুৰে লণ্ডনস্থিত এই প্রাসাদটো বিক্রীৰ চেষ্টা চলাই আছিল৷ আনকি বিভিন্ন ৱেবছাইটত কাপুৰে ফ্লেটটো বিক্রীৰ বিজ্ঞাপনো প্রচাৰ কৰিছিল৷ যোৱা মার্চ মাহত চিবিআয়ে ৰাণা কাপুৰৰ বিৰুদ্ধে অবৈধ ধনৰ লেনদেনৰ ঘটনা সন্দর্ভত দুটাকৈ গোচৰ ৰুজু কৰাৰ পিছৰে পৰা ইডিয়ে য়েছ বেংকৰ প্রাক্তন মুৰব্বীগৰাকীৰ বিৰুদ্ধে তদন্ত চলাই আছে৷ চিবিআইৰ প্রথমটো গোচৰ অনুসৰি য়েছ বেংকে দেৱান হাউছিং ফাইনেঞ্চ ক’পৰেচন (ডিএইচএফএল)ত ৩,৭০০ কোটি টকাৰ ঋণ প্রদান কৰিছিল৷ ইয়াৰ বাবে ৬০০ কোটি টকা লাভ কৰিছিল কাপুৰে৷