নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব’টছৱানাত ৩৩০টা হাতীৰ অস্বাভাৱিক মৃত্যু

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  আফ্রিকান ৰাষ্ট্র ব’টছৱানাত তিনি শতাধিক হাতীৰ অস্বাভাৱিক মৃত্যুক লৈ প্রকৃতিপ্রেমীসকলৰ মাজত সৃষ্টি হৈছে প্রতিক্রিয়া৷ বিষাক্ত পানীৰ পৰা সৃষ্টি হোৱা চায়ান’বেক্টেৰিয়াৰ দ্বাৰা আক্রান্ত হৈ এই হাতীবোৰৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে জীৱ বিজ্ঞানীসকলে৷ হাতীৰ এনেদৰে অস্বাভাৱিক মৃত্যু হোৱাৰ পিছতে প্রাণী সুৰক্ষা সংস্থাসমূহে গভীৰ উদ্বেগ প্রকাশ কৰিছে৷ চায়ান’বেক্টেৰিয়া হৈছে এবিধ অণুজীৱ৷ ই সাধাৰণতে পানীত থাকে যদিও কেতিয়াবা ইয়াক মাটিতো পোৱা যায়৷ কিন্তু ব’টছৱানাৰ অৰণ্যৰ অভ্যন্তৰত থকা জলাশয়ত পানী ভয়াৱহভাৱে বিষাক্ত হোৱা বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ লক্ষণীয়ভাৱে জলবায়ু পৰিৱর্তন অর্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই জলাশয়ৰ পানী বিষাক্ত হোৱা বুলি ধাৰণা কৰিছে দেশখনৰ জীৱ বিজ্ঞানীসকলে৷ দেশখনৰ বন্যপ্রাণী আৰু ৰাষ্ট্রীয় উদ্যান বিভাগৰ উপ–সঞ্চালক চাইৰিল টাওলোৱে উল্লেখ কৰা অনুসৰি যোৱা মে’ মাহৰ পৰা এতিয়ালৈকে অৰণ্যৰ বিভিন্ন স্থানত ৩৩০টা হাতীৰ মৃতদেহ পোৱা গৈছে৷ অকল জুলাই মাহতে ২৮১টা হাতীৰ মৃত্যু হৈছে জলাশয়ৰ বিষাক্ত পানী সেৱন কৰাৰ ফলত৷ ইতিমধ্যে এই বিষয়টোক কেন্দ্র কৰি দেশ–বিদেশৰ বহু বিজ্ঞানীৰ মাজত সৃষ্টি হৈছে উৎসুকতা৷ বিদেশৰ বহু জীৱ বিজ্ঞানীয়ে ব’টছৱানাত এনেদৰে হাতীৰ অস্বাভাৱিক মৃত্যু হোৱা ঘটনাটোক লৈ আৰম্ভ কৰিছে অধ্যয়ন৷ অষ্ট্রেলিয়াত মাত্র কেইদিনমান পূর্বে ৩৮০টা তিমিৰ অস্বাভাৱিক মৃত্যুৰ পিছত ব’টছৱানাৰ এই ঘটনাই সংবাদ মাধ্যমত ব্যাপক চর্চা লাভ কৰিছে৷

You might also like