পাঠ্যক্রমৰ পৰা ‘মোগল’ক মচিলে যোগী আদিত্য নাথে
নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: মোগলসকল বহিৰাগত৷ বিভিন্ন সময়ত এই দাবী কৰি আহিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ গেৰুৱা শিবিৰে ইয়াৰ সমান্তৰালকৈ দাবী কৰি আহিছে যে ইছলামিক শাসকসকলক বাদ দি মৌর্য, গুপ্তসকলৰ দৰে হিন্দু তথা ‘ভাৰতীয়’ শাসকক গুৰুত্ব দি ইতিহাস লিখিব লাগিব৷ সেই কাম এইবাৰ বাস্তৱত কৰি দেখুৱাবলৈ ওলাইছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ৷ আদিত্য নাথে ৰাজ্যখনৰ দশম, একাদশ আৰু দ্বাদশ শ্রেণীৰ পাঠ্যক্রমৰ পৰা মোগলৰ ইতিহাস বাদ দিছে৷ অর্থাৎ ৰাজ্যখনৰ শিক্ষার্থীসকলে এইবাৰ মোগলবিহীন ভাৰতীয় ইতিহাস পঢ়িব লাগিব৷