নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিহাস সৃষ্টি কৰিছে। তেওঁ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ইতিহাস সম্পৰ্কে বহুতো জনবিশ্বাস ভংগ কৰিছে। ১৯৮৫ চনৰ পৰা ৰাজ্যখনত কোনো দল পুনৰ ক্ষমতালৈ অহা নাই। যোগীৰ নেতৃত্বত, বিজেপিয়ে এই ইতিহাস সলনি কৰিছে। দ্বিতীয়বাৰৰ বাবে শাসনলৈ অহা বিজেপি হৈছে ৩৭বছৰৰ ভিতৰত উত্তৰ প্ৰদেশৰ প্ৰথমটো দল। যোগী আদিত্যনাথ হৈছে উত্তৰ প্ৰদেশৰ ইতিহাসৰ প্ৰথম মুখ্যমন্ত্ৰী, যি তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।
ইপিনে এইবাৰ ৰাজ্যখনত বিজেপিৰ ভোটৰ অংশও যথেষ্ট বৃদ্ধি পাইছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ তুলনাত, এইবাৰ বিজেপি মিত্ৰজোঁটৰ ভোট 39.7% ৰ পৰা 42.8% লৈ বৃদ্ধি হৈছে।