🔹 আশ্চর্যজনক : পেট কাটি ১১টা চিলাই যুৱকৰ
নিউজ ডেস্ক, ২৪ মার্চ : ইউটিউবৰ বাবে এতিয়া সকলোৱেই সকলো কথা শিকিব পাৰে৷ চন্দীপাঠৰ পৰা জোতা চিলাই কৰালৈকে সকলো কথা জানিব পাৰি ইউটিউবৰ জৰিয়তে৷ কিন্তু ইউটিউব অনুসৰণ কৰি নিজৰ অস্ত্রোপচাৰ কৰিবলৈ যোৱাটো আশ্চর্যজনক ঘটনা৷ এই ঘটনা ঘটিছে উত্তৰ প্রদেশৰ বৃন্দাবনৰ এজন যুৱকৰ ক্ষেত্রত৷ পেটৰ অসহ্য যন্ত্রণাৰ পৰা মুক্তি পাবলৈ ইউটিউব অনুসৰণ কৰি ঘৰতে পেট কাটি পেলায় যুৱকজনে৷ আনকি ১২টা চিলায়ো কৰে৷ বর্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে যুৱকজন৷ বৃন্দাবনৰ খুৰনাশ গাঁৱৰ বাসিন্দা ৰাজাবাবুৱে দীর্ঘদিন ধৰি অসহ্য পেটৰ যন্ত্রণাত ভুগিছিল৷ বাৰে বাৰে চিকিৎসকৰ ওচৰলৈ গৈ এই যন্ত্রণাৰ পৰা পৰিত্রাণ পোৱা নাছিল৷ অৱশেষত নিজেই নিজৰ চিকিৎসা কৰাৰ সিদ্ধান্ত লয় ৰাজা বাবুৱে৷ সেই অনুসৰি ফার্মাচীৰ পৰা এনাস্থেছিয়াৰ ইনজেকচন, প্লাষ্টিকৰ সূতা তথা ব্লেড কিনি আনে ৰাজা বাবুৱে৷ ইয়াৰ পিছত নিজেই নিজক এনাস্থেছিয়াৰ ইনজেকচন দিয়ে৷ এনাস্থেছিয়াৰ ইনজেকচন লোৱাৰ পিছত পেট কাটি ১১টা চিলাই কৰে৷ কিন্তু এনাস্থেছিয়াৰ প্রভাৱ উকলি যোৱাৰ পিছত ভীষণ পীড়াৰ সন্মুখীন হয় ৰাজাবাবু৷ লগে লগে ৰাজাবাবুক হাস্পতাললৈ লৈ যায় প্রতিৱেশীয়ে৷ এতিয়া মুমূর্ষু অৱস্থাত হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজাবাবু৷ ৰাজাবাবুৰ ভতিজাকে সংবাদ মাধ্যমক জনোৱা অনুসৰি ১৮ বছৰ পূর্বে তেওঁৰ এপেণ্ডিক্সৰ অপাৰেচন হৈছিল৷