🔹 পশ্চিমবংগত যুৱকৰ সংসাৰত শাহুৱেকৰ অনধিকাৰ প্ৰৱেশ
নিউজ ডেস্ক, ২৩ জুন : প্রেম কৰি বিবাহপাশত আবদ্ধ হৈছিল৷ কিন্তু পত্নীক যুৱকৰ শহুৰেকৰ পৰিয়ালৰ লোকসকলে, বিশেষকৈ শাহুৱেকে পৰিচালনা কৰে বুলি অভিযোগ উঠিছিল৷ এই বিষয়টোক কেন্দ্র কৰিয়েই স্বামী–স্ত্রীৰ মাজত দুর্বাদল কাজিয়া৷ অৱশেষত দুয়োৰে বিবাহ বিচ্ছেদ হয়৷ ইয়াৰ পাছতে গাখীৰেৰে স্নান কৰি ঘৰৰ ভিতৰত প্রৱেশ কৰে যুৱকে৷ এনে পত্নীৰ পৰা পৰিত্রাণ পোৱাৰ বাবেই যুৱকে এইদৰে দুগ্ধস্নান কৰাৰ সিদ্ধান্ত লয়৷
চাঞ্চল্যকৰ এই ঘটনাটো ঘটিছে পশ্চিমবংগৰ মুর্ছিদাবাদৰ হৰিহৰপাৰা থানা অঞ্চলত৷ লগে লগে এই ঘটনাক লৈ চর্চা আৰম্ভ হৈছে৷ ইফালে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ ভিডিঅ’৷ পৰহি নিশা ঘৰৰ সন্মুখতে যুৱকজনে গাখীৰেৰে স্নান কৰাৰ দৃশ্য প্রত্যক্ষ কৰে স্থানীয় বাসিন্দাসকলে৷ আৰিফুল মণ্ডল নামৰ যুৱকজনৰ বিয়া হৈছিল ওচৰৰে এজনী তৰুণীৰ সৈতে৷ দীর্ঘদিন ধৰি দুয়োৰে মাজত আছিল প্রণয়ৰ সম্পর্ক৷ তিনি বছৰ পূর্বে পৰিয়ালৰ সন্মতিত এই তৰুণ-তৰুণী বিবাহপাশত আবদ্ধ হৈছিল৷ আৰম্ভণিৰ সময়ছোৱাত শান্তিপূর্ণভাৱে দিন অতিবাহিত হৈছিল যদিও যুৱকৰ অভিযোগ অনুসৰি শাহুৱেকৰ বাবেই তেওঁলোকৰ সংসাৰলৈ নামি আহে বিপর্যয়৷ শাহুৱেকে সঘনে নিজৰ কন্যাক পৰিচালনা কৰিবলৈ লোৱাৰ ফলত পত্নীৰে এই যুৱকজনৰ সৈতে আৰম্ভ হয় মনোমালিন্য৷ অৱশেষত কাজিয়াই বিবাহ বিচ্ছেদৰ পর্যায় পায়গৈ৷