নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয়ৰ সমৃদ্ধি কামনাৰে কণমানি ছাত্রক বলি

🔹 অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতিত স্তম্ভিত দেশ

🔹 স্বত্বাধিকাৰী–সঞ্চালক-শিক্ষকসহ ৫জনক গ্রেপ্তাৰ

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : চন্দ্রৰ দক্ষিণ মেৰুত প্রথম দেশ হিচাপে মহাকাশ যান অৱতৰণ কৰোৱাই ইতিহাস সৃষ্টি কৰা ভাৰতৰ উত্তৰ প্রদেশত অন্ধবিশ্বাসৰ বাবে নৰবলিৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ বিজ্ঞানৰ দপদপনিৰ মাজতে অন্ধবিশ্বাসৰ বাবেই উত্তৰ প্রদেশৰ এখন ব্যক্তিগত বিদ্যালয়ৰ সমৃদ্ধি কামনাৰে দ্বিতীয় শ্রেণীৰ ছাত্রক বলি দিয়া ভয়ানক ঘটনাত স্তম্ভিত দেশ৷ হাথৰাছৰ ডিএল পাব্লিক স্কুলৰ দ্বিতীয় শ্রেণীৰ ছাত্র এগৰাকীক বিদ্যালয়ৰ ছাত্রাৱাসৰ পৰা এজন শিক্ষকে অপহৰণ কৰি নি বিদ্যালয়খনৰ সমৃদ্ধিৰ কাৰণে ছাত্রজনক নৰবলি হিচাপে উছর্গা কৰে৷ হাথৰাছৰ ডি এল পাব্লিক স্কুলৰ সমৃদ্ধিৰ বাবেই নৰবলিৰ দৰে পৰম্পৰা এটাৰে ছাত্রক উছর্গা কৰা ঘটনাটো পোহৰলৈ অহাৰ পাছত দেশজুৰি তীব্র আলোড়নৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, ডি এল পাব্লিক স্কুলৰ সমৃদ্ধিৰ কাৰণে দ্বিতীয় শ্রেণীৰ ছাত্র এগৰাকীক বিদ্যালয়ৰ ছাত্রাৱাসৰ পৰা অপহৰণ কৰি নি বলি দিয়ে৷ এই ঘটনা সন্দর্ভত বিদ্যালয়খনৰ স্বত্বাধিকাৰী যশোধন সিং, অধ্যক্ষ লক্ষ্মণ সিং, দুজন শিক্ষক ৰামপ্রসাদ চোলাংকী আৰু বীৰপাল সিংসহ ৫জনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১০৩ৰ অধীনত গ্রেপ্তাৰ কৰি আৰক্ষীয়ে জে’ললৈ প্রেৰণ কৰিছে৷ বিদ্যালয়ৰ সমৃৃদ্ধিৰ কাৰণে অন্ধবিশ্বাস তথা নৰবলিৰ বলি হোৱা দ্বিতীয় শ্রেণীৰ ছাত্রজনক কৃতার্থ বুলি চিনাক্ত কৰা হৈছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, ডি এল পাব্লিক স্কুলৰ সঞ্চালকৰ পুত্র দীনেশ বাঘেলক স্বত্বাধিকাৰী যশোধন সিঙে বিদ্যালয়খনৰ সমৃদ্ধি আৰু উন্নতিৰ বাবে নৰবলি দিয়াৰ কাৰণে নির্দেশ দিয়ে৷ যশোধন সিঙে তান্ত্রিক ৰীতি–নীতিত বিশ্বাসী৷ ঘটনাৰ বিৱৰণী মতে, যোৱা ২৩ ছেপ্টেম্বৰত শিক্ষক ৰামপ্রকাশ চোলাংকী, বিদ্যালয়খনৰ সঞ্চালক দীনেশ বাঘেল, স্বত্বাধিকাৰী যশোধন সিঙৰ দ্বাৰা বিদ্যালয়ৰ ছাত্রাৱাসৰ পৰা কৃতার্থ নামৰ ছাত্রজনক অপহৰণ কৰা হয় আৰু পাছলৈ ছাত্রজনক বলি দিয়া হয়৷ মন কৰিবলগীয়া যে বিদ্যালয়ৰ ছাত্রাৱাসৰ পৰা অপহৰণ কৰি নি ছাত্রজনক নির্জন স্থানত বলি দিয়াৰ বাবে ব্যৱস্থা কৰা হৈছিল৷ বলি দিবলৈ সাজু হৈ থকাৰ সময়তে ছাত্রজনে সাৰ পাই কান্দিবলৈ ধৰিছিল৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, অপহৃত ছাত্রজনক বিদ্যালয়খনৰ শিক্ষক বীৰপাল সিং আৰু অধ্যক্ষ লক্ষ্মণ সিঙে ডিঙি চেপি ধৰে৷ পাছত বিদ্যালয়খনৰ সঞ্চালক দীনেশ বাঘেলে ছাত্রজনক অসুস্থ বুলি হাস্পতাললৈ লৈ যায়৷ ছাত্রজনৰ পৰিয়ালৰ লোকে গাড়ীখন মাজপথতে আগভেটি ধৰে আৰু আৰক্ষীক খবৰ দিয়ে৷ ইতিমধ্যে ছাত্রজনৰ মৃত্যু ঘটিছে৷ তাৎপর্যপূর্ণ যে ছাত্রজনক নৰবলি হিচাপে ডিঙি চেপি হত্যা কৰাৰ পাছত বিদ্যালয় কর্তৃপক্ষই অসুস্থ হোৱা বুলি পৰিয়ালৰ লোকক ভুল পথে পৰিচালিত কৰাৰ পৰিকল্পনা কৰিছিল যদিও পৰিয়ালৰ লোকৰ তৎপৰতাৰ বাবে সেয়া সম্ভৱ নহ’ল৷ আৰক্ষীয়ে বিদ্যালয়ৰ সমৃদ্ধিৰ বাবে ছাত্রজনক নৰবলি হিচাপে উছর্গা কৰা বুলি পৰিয়ালৰ তথ্যত নিশ্চিত হয়৷ এই ঘটনাই সম্প্রতি উত্তৰ প্রদেশৰ ব্যক্তিগত বিদ্যালয়সমূহত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

You might also like