নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱতীক হত্যা, ৪জনক কাৰাদণ্ড, ১৮ মাহ পিছত উভতিল মৃত ললিতা

🔹 চাঞ্চল্য : আৰক্ষীক ৪ যুৱকক ক্ষতিপূৰণ আদায়ৰ দাবী

নিউজ ডেস্ক, ২৫ মার্চ : কন্যাক হত্যা কৰা হৈছে! শেষকৃত্য সম্পন্ন কৰে পৰিয়ালে৷ হত্যাৰ অভিযোগত চাৰিজন যুৱকে কাৰাবাস খাটিবলগীয়াও হৈছে৷ কিন্তু ঘটনাৰ ১৮ মাহ পিছত আচৰিত কাণ্ড! ঘৰলৈ উভতি আহিল অন্তিম সংস্কাৰ কৰা কন্যা৷ চাঞ্চল্যকৰ ঘটনাটো ঘটিছে মধ্যপ্রদেশৰ মাণ্ডাছৌৰ জিলাত৷ ২০২৩ চনৰ শেষৰফালে ঘটনাৰ সূত্রপাত ঘটে৷ হঠাৎ নিখোজ হৈ যায় মাণ্ডাছৌৰ জিলাৰ বাসিন্দা ললিতা বাই৷ গান্ধীসাগৰ থানাত অভিযোগ দাখিল কৰে পৰিয়ালে৷ ঘটনাৰ তদন্তত নামি কিছুদিন পাছত এটা ক্ষত–বিক্ষত দেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ ললিতাৰ পৰিয়ালৰ লোকক আৰক্ষীয়ে মাতি আনে৷ তেওঁলোকে মৃতদেহৰ হাতত থকা টাটু আৰু ভৰিত বন্ধা এডাল ক’লা সূতা দেখি এই দেহটো ললিতাৰ বুলি চিনাক্ত কৰে৷ ললিতাক হত্যাৰ অভিযোগ উঠে ইমৰান, শ্বাহৰুখ, ছনু, এজাজ নামৰ চাৰিজন যুৱকৰ বিৰুদ্ধে৷ এই যুৱক চাৰিজনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ পৰৱর্তী সময়ত চাৰিওজনকে কাৰাগাৰলৈ প্রেৰণ কৰা হয়৷ সকলো মানি লৈ ললিতাৰ দুই সন্তানক পৰিয়ালে লগতে ৰাখে৷ কিন্তু এদিন সকলোকে অবাক কৰে এক ঘটনাই৷ ১৮ মাহ পিছত উভতি আহে ললিতা৷ ললিতাই জনায় যে পূর্বপৰিচিত স্বার্থৰ সৈতে ভানুপাড়া অঞ্চললৈ গৈছিল তেওঁ৷ সেই অঞ্চলত অন্য এজন শ্বাহৰুখৰ ওচৰত পাঁচ লাখ টকাত ললিতাক বিক্রী কৰি দিয়ে পৰিচিত যুৱকজনে৷ ইমানদিনে কোটাৰ এটা অঞ্চলত আছিল ললিতা৷ শেহতীয়াকৈ পলায়ন কৰাৰ সুযোগ পাই ঘৰলৈ পলাই আহিছে ললিতা৷ চৰকাৰী নথিত মৃত ললিতা উভতি অহাৰ পাছতে তেওঁক থানালৈ লৈ যায় পৰিয়ালে৷ এই মহিলাগৰাকী যে ললিতা, তাৰ বিভিন্ন প্রমাণ দেখুওৱা হয়৷ আৰক্ষীৰ ইমান ডাঙৰ ভুল কেনেদৰে হ’ল, তাক লৈ এতিয়া প্রশ্ণ উঠিছে৷ বিভিন্ন মহলে কাৰাবাস খটা চাৰি যুৱকক ক্ষতিপূৰণ দিবলৈও দাবী জনাইছে৷ এই সন্দর্ভত অৱশ্যে আৰক্ষীয়ে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ বিষয়টোক লৈ ব্যাপক চর্চা চলিছে মধ্যপ্রদেশত৷

You might also like