নিয়মীয়াবাৰ্তা, ১২ডিচেম্বৰ: বিখ্যাত ইউটিউব-ভ্লগাৰ আৰমান মালিকৰ দুয়োগৰাকী পত্নী পায়ল আৰু কৃতিকাৰ অন্তঃসত্বাৰ বাবে পুনৰ লাইমলাইটত। শেহতীয়াকৈ আৰমানে তেওঁৰ পত্নীৰ সৈতে ইনষ্টাগ্ৰামত এখন ছবি পোষ্ট কৰিছিল, য’ত দুয়োগৰাকী পত্নীৰ বেবী বাম্প দেখা গৈছে। কিন্তু এই খবৰ ৰাজহুৱা হোৱাৰ পিছত আৰমানক ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তীব্ৰভাৱে ট্ৰ’ল কৰে। মানুহে সুধিলে এইটো কেনেকৈ সম্ভৱ?
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত আৰমান মালিকৰ ১৫ লাখতকৈ অধিক ফ’ল’ৱাৰ আছে। ২০১১ চনত পায়লৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোক দুয়োৰে চিৰায়ু নামৰ এটি পুত্ৰ সন্তান আছে। ইয়াৰ পিছত ২০১৮ চনত তেওঁ কৃতিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। খবৰ অনুসৰি কৃতিকা হৈছে পায়লৰ বেষ্ট ফ্ৰেণ্ড। তেতিয়াৰ পৰাই পৰিয়ালটোৰ চাৰিওজন সদস্য একেলগে থাকিবলৈ লৈছে। দুয়োগৰাকী পত্নী পায়ল আৰু কৃতিকাক প্ৰায়ে ছবিত একেলগে দেখা যায়।
View this post on Instagram