আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা : ২০০জনৰ মৃত্যুৰ আশংকা
বিমানখনত আছিল ২৪২জন যাত্ৰী। আশংকা কৰা হৈছে যে সকলোৰে মৃত্যু হৈছে।
আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা : ২০০জনৰ মৃত্যুৰ আশংকা
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ জুন : আজি গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান বয়িং ৭৩৭ বিমানখনৰ ভয়ংকৰ ছবি ওলাইছে। আহমেদাবাদৰ মেঘনীনগৰ অঞ্চলত দেখা গ’ল বিশাল জুইৰ শিখা। একে সময়তে দূৰৰ পৰা দেখা যায় ক’লা ধোঁৱাৰ ডাৱৰ। এই বিমানখনত আছিল ২৪২জন যাত্ৰী। আশংকা কৰা হৈছে যে সকলোৰে মৃত্যু হৈছে।
STORY | Plane crashes in locality near Ahmedabad airport
READ: https://t.co/7yI50GMVLu
(Photo source: Third Party) pic.twitter.com/48uI3G72Xd— Press Trust of India (@PTI_News) June 12, 2025
প্ৰাথমিক তথ্য অনুসৰি চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা। অনুমান কৰা হৈছে যে এই বিমানখন বিমানবন্দৰৰ সীমাৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে। যিবোৰ প্ৰাৰম্ভিক ছবি ওলাইছে, সেইবোৰত দেখা গৈছে যে বিমানখন উৰুৱাই টুকুৰা টুকুৰ কৰি পেলোৱা হৈছে। সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে।
ছবিখনত দেখা গৈছে যে বিমানখনৰ এটা ডেউকা ভাঙি পৰি গৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে পানী ছটিয়াই জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। সম্প্ৰতি কিছু পৰিমাণে জুই নিয়ন্ত্ৰণ কৰা হৈছে। বিমানখনে বিমানবন্দৰৰ পৰা উৰা মাৰিছিল যেতিয়া এই দুৰ্ঘটনা সংঘটিত হয়। এই বিমানখন হয়তো এয়াৰ ইণ্ডিয়াৰ হ’ব পাৰে।
VIDEO | Ahmedabad: Smoke seen emanating from airport premises. More details are awaited.
(Full video available on PTI Videos – https://t.co/n147TvrpG7)
(Source: Third Party) pic.twitter.com/qbO486KoEo
— Press Trust of India (@PTI_News) June 12, 2025
চৌদিশে বিশৃংখল পৰিৱেশ, এই ভয়ংকৰ দুৰ্ঘটনাটো দেখি মানুহে ভয় খাই ইফালে সিফালে দৌৰিছে। বিমানখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। বিমানখনৰ অধিকাংশ অংশ জ্বলি ছাই হৈ পৰিছে। বিমানখন যি অট্টালিকাৰ বিপৰীতে পৰিল, সেই অট্টালিকাটোও ক্ষতিগ্ৰস্ত হৈছে।
বিমানবন্দৰৰ সমীপতে এখন অসামৰিক চিকিৎসালয়, য’ত সকলো চিকিৎসকৰ ছুটী বাতিল কৰা হৈছে। এতিয়ালৈকে পোৱা তথ্য অনুসৰি আহমেদাবাদৰ পৰা উৰা মৰা এই বিমানখন লণ্ডনৰ অভিমুখে গৈ আছিল।
গুজৰাটৰ আহমেদাবাদত সংঘটিত হৈছে এক বৃহৎ বিমান দুৰ্ঘটনা। এতিয়ালৈকে পোৱা তথ্য অনুসৰি আৱাসিক এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। মেঘনী নগৰ অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। বিমানবন্দৰলৈ যোৱা পথসমূহ বন্ধ কৰি দিয়া হৈছে। বিমানবন্দৰৰ দেৱালত খুন্দা মৰাৰ ফলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। লণ্ডন অভিমুখে উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৩৭ বিমান (এ আই চি ২৭১৬)।