নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ৰাফেল বিবাদৰ আৱেদন

সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ৰাফেলৰ পুনৰ বিচাৰৰ আৱেদন।

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ ৰাফেল বিবাদ লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ৰাফেলৰ পুনৰ বিচাৰৰ আৱেদন।
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত বিচাৰ পীঠে ৰাফেল বিবাদৰ পুনৰ বিচাৰৰ আৱেদন খাৰিজ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দানত কয় যে ৰাফেল ক্ৰয়ক লৈ কোনো ধৰণৰ অনিয়ম হোৱা নাই। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ কেএম যোচেফ ৰ বিচাৰ পীঠে ৰায়দান কৰে।

উল্লেখ্য যে যশৱন্ত সিন্হা, অৰুণ শ্বোৰী আৰু প্ৰশান্ত ভূষণে পুনৰ বিচাৰ আৱেদন দাখিল কৰিছিল।