নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ নকৰে প্ৰিয়ংকা গান্ধীয়ে

তাৰকা প্ৰচাৰকৰ তালিকাত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ আৰু ৰাহুল গান্ধীৰ নাম অন্তৰ্ভুক্ত হৈছে।

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ আগন্তক ঝাৰখণ্ডৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে নিজৰ প্ৰথম খন ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। কিন্তু আচৰিত ভাৱে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ নাম এই তালিকাৰ পৰা বাদ পৰিছে।
এই তাৰকা প্ৰচাৰকৰ তালিকাত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙ আৰু ৰাহুল গান্ধীৰ নাম অন্তৰ্ভুক্ত হৈছে। উল্লেখ্য যে কংগ্ৰেছে ৩১ টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে লগতে হেমন্ত শ্বোৰেণৰ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে মিত্ৰতা কৰিছে।
ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন ৫ টা পৰ্যায়ত ৩০ আৰু ২০ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব আৰু ভোট গণনা ২৩ ডিচেম্বৰত কৰা হ’ব।