গ্ৰেটাৰ নয়ডাত খাদ্য বিষক্ৰিয়াত আক্ৰান্ত ১০০ শিশু হোষ্টেল আৱাসী
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ মাৰ্চঃ গ্ৰেটাৰ নয়ডাত খাদ্য বিষক্ৰিয়াৰ ফলত প্ৰায় ১০০ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ খবৰ আহিছে। এই শিশুসকলে হোষ্টেলত খাদ্য খাইছিল, তাৰ পিছত হঠাতে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। ইয়াৰ পিছতে শিশুকেইটাক লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোক চিকিৎসাধীন হৈ আছে। খবৰ অনুসৰি এই কাণ্ড সংঘটিত হৈছে গ্ৰেটাৰ নয়ডাৰ নলেজ পাৰ্ক থানা এলেকাৰ আৰিয়ান ৰেচিডেন্সি আৰু লয়ড হোষ্টেলত। শুকুৰবাৰে নিশা হোষ্টেলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীসকলক অগোছালিত ভুল খাদ্য পৰিবেশন কৰা হয়, তাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে। বহু শিশুৱে পেটৰ বিষ আৰু বমিৰ অভিযোগ উত্থাপন কৰিছিল। ঘটনাৰ পিছতে ততাতৈয়াকৈ অসুস্থ ছাত্ৰ-ছাত্ৰীক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। বহু ছাত্ৰ-ছাত্ৰী নিজাববীয়াকৈ চিকিৎসালয় পালেহি। ইয়াৰ পিছত আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰা হয়। এইসকল ছাত্ৰ-ছাত্ৰীৰ অৱস্থা এতিয়া ভাল বুলি কোৱা হৈছে। সকলো ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য সুস্থিৰ হৈ আছে। একাংশ ছাত্ৰ-ছাত্ৰীকো প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীক ভুল খাদ্য পৰিবেশন কৰাৰ অভিযোগ উত্থাপন হৈছে হোষ্টেল পৰিচালকজনৰ। জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া শিৱৰাত্ৰিত উপবাস খাদ্য পৰিবেশন কৰা হৈছিল, তাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটে। ঘটনাৰ খবৰ পোৱাৰ পিছতে শিশুসকলৰ অভিভাৱকসকলো চিন্তিত হৈ পৰে। ছাত্ৰ-ছাত্ৰীৰ অভিযোগৰ পিছত এই বিষয়ত স্থানীয় থানাত এজাহাৰ ৰুজু কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। খাদ্য বিভাগৰ দলটোৱেও খাদ্যৰ নমুনা সংগ্ৰহ কৰিছে। খাদ্য তদন্তৰ প্ৰতিবেদন অহাৰ পিছত অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।