দেশত ৮ মাহত আধাতে স্কুল এৰিলে ১১.৭০ লাখ শিশুৱে
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ডিচেম্বৰঃ বিজেপিশাসিত ৰাজ্যসমূহত বৃদ্ধি পাইছে বিদ্যালয় ত্যাগ কৰা শিশু শিক্ষার্থীৰ সংখ্যা৷ শেহতীয়াকৈ লোকসভাত এই তথ্য প্রকাশ পাইছে৷ আধাতে বিদ্যালয় ত্যাগ কৰা শিশুৰ সংখ্যা উত্তৰ প্রদেশত সর্বাধিক৷ লোকসভাত এই তথ্য প্রকাশৰ পিছতে উদ্বেগ বৃদ্ধি পাইছে বিভিন্ন মহলত৷ ২০২৪–২৫ বিত্তীয় বর্ষৰ প্রথম ৮ মাহত সমগ্র দেশত ১১.৭০ লাখৰো অধিক শিক্ষার্থীয়ে স্কুল ত্যাগ কৰিছে৷ ইয়াৰ ভিতৰত উত্তৰ প্রদেশ আছে প্রথম স্থানত৷ সংসদত এক লিখিত প্রশ্নৰ উত্তৰত কেন্দ্রীয় শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্রী জয়ন্ত চৌধুৰীয়ে প্রকাশ কৰিছে এই ভয়ংকৰ তথ্য৷ লক্ষণীয়ভাৱে বিজেপিশাসিত ৰাজ্যসমূহত চৰকাৰৰ দৃষ্টিভংগী কেৱল বৃহৎ পৰিগাঁথনি প্রকল্প আৰু ধর্মীয় বিষয়কেন্দ্রিক হোৱাৰ বাবে চৰকাৰী বিদ্যালয়ৰ পৰা আধাতেই শিশুসকলে বিদায় লোৱা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷