ভুৱা এনচিচি শিবিৰত ১৩ ছাত্রীক যৌন নির্যাতন
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ আগষ্টঃ ভুৱা এনচিচি শিবিৰৰ নামত বিদ্যালয়ত ১৩ নাবালিকাক যৌন নির্যাতন তথা ধর্ষণ কৰাৰ অভিযোগ উঠিছে৷ কলকাতাৰ আৰ জি কৰ হাস্পতালৰ মহিলা চিকিৎসকক ধর্ষণ আৰু হত্যাৰ ঘটনাক লৈ দেশজুৰি উত্তপ্ত পৰিস্থিতি চলি থকাৰ সময়তে তামিলনাডুৰ কৃষ্ণগিৰি অঞ্চলত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ এই ঘটনা পোহৰলৈ অহাৰ লগে লগে এনচিচি শিবিৰৰ আয়োজক বিদ্যালয়খনৰ অধ্যক্ষ, দুই শিক্ষকসহ মুঠ ৫জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ তদন্তত জানিব পৰা গৈছে যে এখন বেচৰকাৰী বিদ্যালয়ৰ এনচিচি শিবিৰ আয়োজন কৰাৰ প্রস্তাৱ দিছিল এটা সংস্থাই৷ বিদ্যালয়খনক জনোৱা হয় যে এই শিবিৰৰ আয়োজন কৰিলে পৰৱর্তী সময়ত বিদ্যালয়খনক এনচিচি ইউনিটৰ যোগ্য বুলি ঘোষণা কৰা হ’ব৷ সংস্থাটো সঠিক নে ভুৱা কোনোধৰণৰ বিচাৰ নকৰাকৈ তিনি দিনৰ বাবে এই সংস্থাটোক শিবিৰৰ আয়োজনৰ অনুমতি দিয়ে বিদ্যালয় কর্তৃপক্ষই৷ ১৭ নাবালিকাসহ মুঠ ৪১ শিক্ষার্থীয়ে অংশ লয় এই এনচিচি শিবিৰত৷ কিশোৰীসকলৰ বাবে থকাৰ ব্যৱস্থা কৰা হয় বিদ্যালয়ৰ প্রথম মহলাৰ অ’ডিটৰিয়ামত আৰু ছাত্রসকলৰ বাবে তলৰ মহলাত থকাৰ ব্যৱস্থা কৰা হৈছিল৷ শিবিৰৰ তদাৰক কৰাৰ বাবে কোনো শিক্ষক নাছিল৷ অভিযোগ অনুসৰি নিশা অ’ডিটৰিয়ামৰ পৰা কিশোৰীসকলক বাহিৰলৈ লৈ গৈ তেওঁলোকৰ ওপৰত যৌন আতিশয্য চলোৱা হয়৷ এগৰাকী ছাত্রীক ধর্ষণ কৰাৰ অভিযোগ অনা হৈছে৷ এই ঘটনা সন্দর্ভত জিলা আৰক্ষী অধীক্ষক পি থাংগাদুৰায়ে উল্লেখ কৰে যে এনচিচি শিবিৰৰ নামত শিক্ষার্থীসকলৰ ওপৰত যৌন নিগ্রহ চলোৱা হৈছিল বুলি বিদ্যালয় কর্তৃপক্ষই জানিব পাৰিছিল৷ কিন্তু কোনোধৰণৰ পদক্ষেপ গ্রহণ কৰা নহ’ল৷ বৰঞ্চ সমগ্র ঘটনাক গাপ দিয়াৰ চেষ্টা চলায় বিদ্যালয় কর্তৃপক্ষই৷ এই সমগ্র ঘটনাক লৈ তদন্ত চলাই আছে আৰক্ষীয়ে৷ স্মর্তব্য যে ইয়াৰ পূর্বে একাধিক বিদ্যালয়ত এনে ভুৱা এনচিচি শিবিৰৰ আয়োজন কৰিছিল সংস্থাটোৱে৷ সেই বিদ্যালয়সমূহতো একেই ধৰণৰ যৌন নিগ্রহৰ ঘটনা সংঘটিত হৈছে৷ নির্যাতিতা কিশোৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ সমান্তৰালকৈ পকছ’ আইনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ ইফালে, এই এনচিচি শিবিৰৰ আয়োজন কৰা সংস্থাৰ মুৰব্বীক বিচাৰি তালাচী চলাই আছে আৰক্ষীয়ে৷ ৩০ বছৰীয়া এনচিচিৰ বিষয়া শিৱৰামন নামৰ এজন অভিযুক্তই ইতিমধ্যে পলায়ন কৰিছে৷ আৰক্ষীয়ে দাবী কৰা অনুসৰি ৮ আগষ্টত শিৱৰামনে ছাত্রীসকলক বিদ্যালয়ৰ বাহিৰলৈ লৈ গৈ অন্য লোকৰ জৰিয়তে যৌন আতিশয্য চলাইছিল৷