নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটত চণ্ডীপুৰা ভাইৰাছৰ আক্ৰান্ত হৈ ১৫জন ৰোগীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুলাইঃ গুজৰাটত অব্যাহত আছে চণ্ডীপুৰা ভাইৰাছে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইয়াৰ আৰাৱলী জিলাৰ মোটা কান্থৰীয়া গাঁৱত চণ্ডীপুৰা ভাইৰাছত আক্ৰান্ত হৈ চাৰি বছৰীয়া কিশোৰীৰ মৃত্যু হয়। এই তথ্য পোহৰলৈ আহিছে পুনেস্থিত নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ প্ৰতিবেদনৰ পৰা। এইপৰ্যন্ত দেশত ২৯জন সন্দেহযুক্ত চণ্ডীপুৰা ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰিছে। ইয়াৰে ১৫জন ৰোগীৰ মৃত্যু হৈছে। দ্য হিন্দুৰ প্ৰতিবেদন অনুসৰি স্বাস্থ্য বিভাগৰ এজন বিষয়াই জনোৱা মতে, এইপৰ্যন্ত ১৫টা শিশুৰ মৃত্যু হৈছে। ইয়াৰে এজনৰ মৃত্যু হৈছে চণ্ডীপুৰা ভাইৰাছ। সকলো ক্ষেত্ৰতে লক্ষণ একে। গতিকে চণ্ডীপুৰা ভাইৰাছৰ বাবে আটাইকেইজনৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে। চণ্ডীপুৰাত ২৯জন ৰোগীৰ ভিতৰত গুজৰাটত ২৬জন ৰোগী ধৰা পৰিছে। আনহাতে ৰাজস্থানত ২টা আৰু মধ্যপ্ৰদেশত এজন ধৰা পৰিছে। গুজৰাটত ১৫জনৰ ভিতৰত ১৩জনৰ মৃত্যু হৈছে। আনহাতে ৰাজস্থান আৰু মধ্যপ্ৰদেশত এজনকৈ ৰোগীৰ মৃত্যু হৈছে। এইপৰ্যন্ত গুজৰাটৰ সাবৰকান্ত, আৰাৱলী, মহিসাগৰ, খেদা, মেহছানা, ৰাজকোট, সুৰেন্দ্ৰনগৰ, আহমেদাবাদ, গান্ধীনগৰ, পঞ্চমহল, জামনগৰ আৰু মৰ্বি জিলাৰ পৰা চণ্ডীপুৰা ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰিছে। চণ্ডীপুৰা ভাইৰাছৰ ফলত জ্বৰ হয়। ইয়াৰ লক্ষণসমূহ ফ্লুৰ দৰে আৰু ইয়াৰ ফলত তীব্ৰ এনকেফেলাইটিছ (মগজুৰ প্ৰদাহ) হয়। এই ভাইৰাছ ৰেবডোভাইৰিডে পৰিয়ালৰ ভেচিকুলোভাইৰাছ প্ৰজাতিৰ এটা সদস্য। মহ আৰু বালিৰ মাখিৰ দৰে পোক-পৰুৱাৰ দ্বাৰা বিয়পে। এই ভাইৰাছক অতি বিপজ্জনক বুলি গণ্য কৰা হয়। ২০০৩-০৪ চনত অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটত ৫৬-৭৫ শতাংশ মৃত্যুৰ হাৰ দেখা গৈছিল। ১৯৬৫ চনত মহাৰাষ্ট্ৰৰ চণ্ডীপুৰাত এই ভাইৰাছ প্ৰথম চিনাক্ত কৰা হৈছিল। এনে পৰিস্থিতিত এই ভাইৰাছ চণ্ডীপুৰা নামেৰে পৰিচিত হ’বলৈ ধৰিলে। বেছিভাগেই ৯ মাহৰ পৰা ১৪ বছৰৰ ভিতৰৰ শিশু এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয়। এই ভাইৰাছ বেছিকৈ গ্ৰামাঞ্চলত বিয়পে। ইয়াৰ প্ৰধান লক্ষণসমূহ হ’ল জ্বৰ, বমি, ডায়েৰীয়া আৰু মূৰৰ বিষ।

You might also like