নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ বিমানৰ উৰণ বাতিল, ৬০ ৰে’লৰ চলাচল বিঘ্নিত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ দেশৰ ৰাজধানী নতুন দিল্লীত ঘন কুঁৱলীয়ে স্বাভাৱিক জীৱনযাত্রাত ব্যাঘাত জন্মাইছে৷ ঘন কুঁৱলীৰ ফলশ্রুতিত দৃশ্যমান শূন্যলৈ নিম্নগামী হোৱাত বিমান আৰু ৰে’লৰ সেৱাত ব্যাঘাত জন্মাৰ উপৰি সাধাৰণ জনতাৰ যাতায়াতৰ ক্ষেত্রতো জটিলতাৰ সৃষ্টি হৈছে৷ তথ্য মতে ঘন কুঁৱলীৰ বাবেই ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰৰ পৰা উৰা মাৰিবলগীয়া ১৮খন বিমানৰ সেৱা বাতিল কৰা হৈছে৷ তদুপৰি ২৫০তকৈ অধিক দেশ–বিদেশলৈ উৰিবলগীয়া বিমানৰ উৰণত বিলম্ব হৈছে৷ দিল্লীত তাপমাত্রা ৯.৪ ডিগ্রী চেলছিয়াছলৈ নিম্নগামী হোৱাত শীতৰ প্রকোপো বৃদ্ধি পাইছে৷ আনপিনে ঘন কুঁৱলীৰ বাবে দিল্লীৰ ৰে’ল সেৱা বিঘ্ণিত হৈছে৷ তথ্য মতে দিল্লীৰ পৰা বিভিন্ন ৰাজ্যলৈ যাবলগীয়া দীর্ঘদূৰত্বগামী ৬০খন ৰে’লৰ চলাচল বিঘ্ণিত হৈছে৷ বিশ্বমান শূন্যলৈ নিম্নগামী হোৱাৰ বাবে মেট্র’ ৰে’ল সেৱাতো ব্যাঘাত জন্মিছে৷ উল্লেখ্য যে শনিবাৰে ঘন কুঁৱলীৰ বাবেই দিল্লীৰ বিমানবন্দৰৰ পৰা ৪৮খন বিমানৰ উৰণ বাতিল কৰা হৈছিল আৰু ৫৮৪খন বিমানৰ উৰণৰ সময় এঘণ্টাৰ পৰা দুঘণ্টালৈ বিলম্ব কৰা হৈছিল৷ আজিও কালিৰ দৰেই ঘন কুঁৱলীৰ পৰিপ্রেক্ষিতত দিল্লীৰ বিমানবন্দৰসমূহৰ্ পৰা বিমান সেৱাত ব্যাঘাত জন্মিছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, ৰাজধানী চহৰখনত ঘন কুঁৱলীৰ প্রভাৱ পৰৱর্তী কেইদিনমানৰ বাবে থকাৰ সম্ভাৱনা আছে৷

You might also like