নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণীৰে শাৰীৰিক সম্পর্কৰ পিছত এইচআইভিত আক্রান্ত ১৯

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ উত্তৰাখণ্ডৰ নাইনিতাল চহৰত একেলগে ১৯জন যুৱক এইচআইভিত আক্রান্ত হোৱা খবৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ১৭ বছৰীয়া এজনী তৰুণীৰ সৈতে শাৰীৰিক সম্পর্কত লিপ্ত হোৱাৰ কিছুদিন পিছতে অসুস্থ হৈ পৰে এই যুৱকসকল৷ হেৰ’ইনৰ নিচাত আসক্ত তৰুণীয়ে ড্রাগ্ছৰ বাবে ধনৰ বিনিময়ত সেই যুৱকসকলৰ সৈতে যৌন সম্পর্কত লিপ্ত হৈছিল বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ একেলগে ১৯জন যুৱক এইচআইভিত আক্রান্ত হোৱা ঘটনাক লৈ হিমালয়ান ৰাজ্যখনত সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷ এজনৰ পিছত এজনকৈ যুৱক অসুস্থ হৈ পৰাৰ পিছতে ঘটনাটো পোহৰলৈ আহে৷ নাইনিতালৰ ৰামদত যোশী হাস্পতালত স্বাস্থ্য পৰীক্ষাত দেখিবলৈ পোৱা যায় যে এই যুৱকসকল এইচআইভিত আক্রান্ত হৈছে৷ একাধিক শাৰীৰিক সমস্যাই দেখা দিছে যুৱকসকলৰ মাজত৷ যুৱকসকলৰ সৈতে কাউঞ্চেলিং কৰাৰ পিছত জানিব পৰা যায় যে প্রতিজনে ১৭ বছৰীয়া তৰুণীজনীৰ সৈতে যৌন সম্পর্ক স্থাপন কৰিছিল৷ হেৰ’ইন আসক্ত তৰুণীয়ে ড্রাগ্ছৰ বাবে ধন যোগাৰ কৰিবলৈ এনেদৰে বিভিন্নজনৰ সৈতে শাৰীৰিক সম্পর্ক স্থাপন কৰিছিল৷ সমগ্র ঘটনাক লৈ উদ্বিগ্ণ হৈ পৰিছে জিলা স্বাস্থ্য বিভাগ৷ নাইনিতালৰ মুখ্য চিকিৎসা বিষয়া হৰিশচন্দ্র পণ্টে উল্লেখ কৰে যে যোৱা ৫ মাহত ২০জন যুৱক এইচআইভিত আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত ১৯জন যুৱক আক্রান্ত হোৱাৰ ঘটনাত তৰুণীজনীৰ সৈতে শাৰীৰিক সম্পর্ক স্থাপন হোৱা বিষয়টো পোহৰলৈ আহিছে৷ স্বাস্থ্য বিষয়াসকলে মন্তব্য কৰিছে যে ড্রাগ্ছৰ নিচাৰ এয়া এক ভয়ংকৰ পৰিণতি৷ অৱশ্যে এই তৰুণীজনীক এতিয়ালৈকে আটক কৰা হৈছে নে নাই, সেয়া জানিব পৰা হোৱা নাই৷ সমগ্র ঘটনাক লৈ স্বাস্থ্য বিভাগে সতর্কতা জাৰি কৰিছে৷ এনেদৰে এইচআইভিত আক্রান্ত তৰুণীৰ সৈতে শাৰীৰিক সম্পর্ক স্থাপনৰ ফলত অধিকসংখ্যক লোক ঘাতক ৰোগৰ চিকাৰ হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷

You might also like